পৃষ্ঠা:মঞ্জৰী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(৯)
 

(24)

সেই শৰতৰ সখি এয়ে নেকি আজি
অযাচিতে যাচি দিয়া পূজাৰ সমল;
আহিবনে এনে হলে বিচাৰি বিশ্বৰ লীলা
মিলনৰ মউখোৱা চতুৰঙ দল?

(২৫)

নহয় সিকথা হায়! নোৱাৰে কদাপি
জীৰ্ণ-বুকু পাষাণৰ হেলাৰে টলাব;
ভেজপিয়া ঘাতকীৰ  নিঠুৰ আঘাত আহি
 তাতে লাগি নিলগত ছিটিকি পৰিব।

(২৬)

ভাবিছা হৃদয়ে আজি নিচিনে হৃদয়
জীৱনৰ সুৰ ভুলি হেৰুৱাব তৰী;
ওভতা ডকাত লাগি ডুবিব ফুলৰ নাওঁ
 ভাগি যাব ডাঁৰ-চই চিঙি যাব জৰি!