পৃষ্ঠা:মঞ্জৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(8)
মঞ্জৰী
 


(২১)

ভাবিছা উত্তাল সেই প্ৰণয়ৰ ঢৌত
ওপঙি ওপঙি সখি উটি গুচি যাম;
যৌৱন তৰণী খনি তৰঙত বুৰি গলে
 অথাউনি জলধিত থাউনি নাপাম।


(২২)

সেইদিনা অজানিতে নিকুঞ্জ ফুলিলে
ৰেণুৰে বুলালে মোৰ কলি কৱিতাৰ;
তাকে লই পাহৰিম অনন্ত দুঃখৰ তাপ
 পাহৰিম বুকুভঙা জ্বালা কলিজাৰ।


(২৩)

নপৰে মনত সথি সান্ধ্য-সমীৰণে
যমুন৷ তীৰত গোৱা প্ৰেম-পূৰ্ণ গান;
অনন্ত লহৰী লই  মিলনৰ ছন্দ গঁথা
 অপূৰ্ব্ব মাধুৰী সেই সুমধুৰ তান৷