পৃষ্ঠা:মঞ্জৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(৭)
 

(১৮)

ভাবিছিলা তুমি সখি কৰি পদাঘাত
কাতৰ চকুলো ধাৰী ধীৰে যাব বই;
তোমা' পদাঘাত সহি  আশাত পৰাণ সপি
 প্ৰিয়তমা ধীৰে ধীৰে যাওঁ আগুৱাই।


(১৯)

বনত বকুল ফুলে,—বিলাই সৌৰভ
মধু-প্ৰিয়া সমীৰণে চুমি চুমি যায়;
কবিতা বনত বহি  নিবিচাৰে৷ সেইসুধা
 বিৰহ-বিদগ্ধ সেই দাম্দেউকাই।


(২০)

যৌৱনৰ মহা-অৰ্ঘ্য নকৰো কামনা
ভালপোৱা প্ৰতিদানো নিবিচাৰো হায়;
বিৰহৰ তীব্ৰ-জ্বালা  অসহ্য ঝঙ্কাৰবোৰ
 থাকিম বুকুত সখি লই অকলই!