পৃষ্ঠা:মঞ্জৰী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(৫)
 

(১২)

 প্ৰেমৰ মাধুৰী ভৰা নানা নৃত্য জিনি
 উঠিছিলে কিযে এটি মনোমোহা তান;
দেৱীনে, মানৱী কিম্বা সুৰ বালা, মায়াবিনী
 গান গাই কৰিছিলে বিয়াকুল প্ৰাণ?

(১৩)

 চন্দ্ৰাৱলী শৰতৰ জোনালী সোঁতত
 প্ৰেমৰ পাষাণ ছবি দিম উটুৱাই;
থাকিব অৰূপ ৰূপে বসুধা বুকুত ভাহি
 চিৰকাল অৰূপত মাধুৰী বিলাই।

(১৪)

 সেইদিনা যৌৱনৰ নিজান তীৰত
 ভাবিছিলো বিৰহৰ সুখ-গীতি গাই;
জীৱন জলধি ফালি কিদৰে সিপাৰ হম
 প্ৰেমৰ চেঙেলী নাওঁ অকলে উজাই!