কা, কলি—আপুনি মোক চিনিব পাৰিছে নে দেউতা? মই কলিমন হওঁনে! মই দেউতাৰ লগুৱা হওঁনে? মই ময়ে নে?
কা, নিৰণ—ওঁ, তই তয়ে। তই কলিমন। তই মোৰ লগুৱাও হ।
কা, কলি—মই গাধ হে। মই মাইকীৰ গোলাম। মই মোত নাই দেউতা!
কা, নিৰণ—কি! মাইকাৰ গোলাম! তই নো কেনেকৈ তোৰ পৰা নাহবিয়া হৈছ?
কা, কলি—সত্যে, দেউতা! মই মোত নাই! মই এজনী মাইকীৰ গোলাম। তাই মোৰ গৰাকী হব খোজে। তাই মোক খেদি ফুৰিছে। তাইক মোক লাগে।
কা, নিৰণ —তাই নো কি?
কা, কলি—তাই বৰ ডাঙ্গৰ মানুহ। তাইক যেইয়ে সেইয়ে মান কৰি হে কথা কব পাই। কিন্তু তাইৰ জোৰ হবলৈ মোৰ গা হে নাইকিয়া হল। মোলৈ তাই বৰ শকত। কি ৰাওমুই হস্তিনী তিৰোতা দেউতা ঐ।
কা, নিৰণ—কেনে হস্তিনী?
কা, কলি— তাই, দেউতা! বৰ শকত, তাইৰ গাটো তেলেৰেই ভৰা। তাইৰে সৈতে কি কৰিবলৈ ভাল কবই নোৱাৰোঁ। তাইক জোৰ কৰিবলৈ হে ভাল। তাইৰ ইমান তেল যে তাইৰ গাত জই লগাই দিলে ৰাৱণৰ চিতাৰ দৰে প্ৰলয় কাললৈকে জ্বলি থাকিব।