পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৬ ]

তেতিয়া ধেমালী কৰিবি? লাই পাই গললৈকে জপিয়াব খোজ দেখোন? তই ধেমালীৰ কথা কব খুজিলে মোৰ মন কেনে আছে জানি লবি, নহলে তোৰ মুড় ভাঙ্গিম।

 কা, কলি—মুড়কেই ভাঙ্গিবনে? আপুনিও মাৰিব নালাগে, আৰু মোৰো মুড়টো থাওক। এনেকৈ মাৰি থাকিলে মোৰ মুড় নাথাকে। দেউতা! আৰু মোক কিয় মাৰিলে?

  কা, নিৰণ—নাজান?

 কা, কলি—নাজানোঁ দেউতা! মাৰকেটাহে মাত্ৰ জানোঁ।

  কা, নিৰণ—কব লাগেনে কিয়?

 কা, কলি—হয় দেউতা, তাৰ লগতে কিবাবে মাৰিলে তাকো লাগে, কিয়নো, সকলোৱে কয় বোলে “কিয়ৰ” লগত “কিবাবে” থাকেই।

  কা, নিৰণ—“কিয়” প্ৰথমে মোৰে সৈতে চুপতি কৰিছিলি কিয়, আৰু “কিবাবে” দ্বিতীয় বাৰ কোৱাৰ বাবে।

 কা, কলি—আগগুৰি নোহোৱাকৈ এনেকৈ নো কোনোবাই কাৰবাক কালে-অকালে মাৰেনে? অপোনাক সেৱা।

  কা, নিৰণ—মোক সেৱা কৰিছ কিয়?

 কা, কলি—এনেই ভুকুটো দিযাৰ বাবে।

*  *  *  *