কা, নিৰণ—বাৰু আমাৰ ভাত খাবৰ বেলি হৈছেনে? ৰচোন সৌৱা কোনোবা আহিছে।
মালতী আৰু তৰাৰ প্ৰবেশ।
মালতী—ডাঙ্গৰীয়া! মোক চিনি নোপোৱাই হৈছে, মোলৈ হলে চকু পকাই চাইছে, আন কোনোবাইহে আপোনাৰ কৃপা-দৃষ্টি পাইছে। মই মালতী নহওঁ? মই আপোনাৰ তিৰোতা নহওঁ? এনে দিন আছিল যেতিয়া আপুনি শপত খাই কৈছিল যে আপোনাৰ কাণত মোৰ কথাৰ বাহিৰে আন কাৰো কথা ভাল নালাগে, মোত বাজে আন কাকো চকুত নালাগে। মই হাতে চুই নিদিলে কোনো বস্তুত সোৱাদ নাপাই। এতিয়া আপোনাৰ এনে হৈছে কিয়। আপুনি নিজকে চিনি নোপোৱা হৈছে? নিজকে বুলিছোঁ কিয়, আপুনি আৰু মই অভেদ, আপোনাৰ মোৰে ভিন-পৰ নাই, এক প্ৰাণ, সদাই দুয়ো একে, মোক চিনি নাপালে নিজকে চিনি নোপোৱা হব। মোক আপুনি নেড়িব, কিয়নো আপুনি এই কথা নিশ্চয় জানিব ছাকনৈয়াত পানী এটোপা পেলাই, সেই টোপা পানীকে আকৌ অলপো কম-বেচ আৰু মিহলি নোহোৱাকৈ তুলি অনা যেনে অসম্ভৱ, আপোনাৰে