পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৫ ]
 

 কা, কলি—কি কথা দেউতা? মই কেতিয়া এনে কথা কৈছিলোঁ?

 কা, নিৰণ—এতিয়াই। ইয়াতে। আধাঘণ্টাও হোৱা নাই।

 কা, কলি—আপুনি মোক টকা দি অতিথি-থকা ঘৰলৈ পঠি- য়াবৰেপৰা মোৰে আপোনাৰে দেখাই হোৱা নাই।

 কা, নিৰণ—দগাবাজ। তই তেতিয়া টকা দিয়া মিছা মাতি- ছিলি। মোৰ তিৰোতাৰ কথা কৈছিলি। ভাত খাবলৈ মাতিছিলি। তই মোৰ খঙ্গ তুলিছিলি। মোৰ খঙ্গ তোলাৰ পোটক পালি।

 কা, কলি—এতিয়া আপোনাৰ মনত ৰঙ্গ দেখি মোৰ বৰ ভাল লাগিছে। আপুনি এইবোৰ কি ধেমালীৰ কথা কৈছে একো বুজা নাই, কওকছোন দেউতা?

 কা, নিৰণ—মুখৰ আগতে মোৰে সৈতে দেখোন চুপতি কৰ? মই তোৰে সৈতে ধেমালী কৰিছো? দগাবাজ, কেনে পাইছ!

[ প্ৰহাৰ।

 কা, কলি—নামাৰিব দেউতা! আপোনাৰ ধেমালী এতিয়া খঙ্গ হল। কিন্তু কিয় মোক এই ভুককেটা দিলে?

 কা, নিৰণ—মই তোৰে সৈতে কেতিয়াবা ভালেৰে, মৰম কৰি, ধেমালী কথা কওঁ দেখি তই মোৰে সৈতে ধেমালী কৰ! মই যেতিয়া কামত ব্যস্ত থাকিম তই