সমললৈ যাওক

পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৮ ]

কাল হব, তেতিয়া তেওঁবিলাক আহিবই বা যাবই। যদিহে এই কথাই, তেন্তে খঙ্গ কৰিবৰ সকাম নাই।

 মালতী—কিয়, তেওঁবিলাকৰ স্বাধীনতা নো আমাৰ স্বাধীনতাতকৈ বেচি হব কেলৈ?

 তৰা—কাৰণ তেওঁবিলাকৰ কাম সদাই বাহিৰত, ঘৰত বহি কাম কৰিলেতো নহয়।

 মালতী—মই এই বিলাক কথা কলে তেওঁ বেয়াহে পায়।

 তৰা—তেওঁহে তোমাক চলাওঁতা।

 মালতী—গাধাকেহে যদি তেনেকৈ চলাব পাৰে।

 তৰা— মইমতালি মানুহৰ দুখ নুগুছে। সংসাৰত এনেকুৱা একো বস্তু নাই, যি মাটী, পানী, বা আকাশেৰে সীমাবন্ধা নহয়। বনৰ পহু, পানীৰ মাছ, আকাশৰ চৰাই, এটাইবিলাক মতাৰ বশ আৰু তলতীয়া। মানুহ আকৌ এই এটাইবিলাকতকৈ ডাঙ্গৰ, এটাইৰে গৰাকী। তেওঁবিলাকৰ বুদ্ধি আৰু জ্ঞান থকা বাবে তেওঁবিলাক আন জন্তুতকৈ প্ৰধান। মাইকীমানুহৰ গৰাকী তেওঁবিলাকেই, মাইকী মানুহ তেওঁবিলাকৰ তল, সেই দেখি তেওঁবিলাকে যিহকে কয় তাকে কৰিব লাগে।

 মালতী—তোৰ তেও এনে কথাৰ ওপৰতহে বিয়া নহয়।