পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৯ ]


 তৰা—সেইটো নহয়, বিয়া কৰোৱা মানুহক বাৰেপাচী চিন্তাই খায় দেখিহে বিয়া নকৰাওঁ।

 মালতী—তোৰে গিৰীযেৰ থকা হলে তয়ো অলপ হুকুম চলাবলৈ বিচাৰিলিহেতেন হবলা।

 তৰা—মই বিয়া কৰোৱীৰ আগেয়েই গিৰীহঁতৰ হাকবচন পালিবলৈ শিকিম।

 মালতী—যদি তোৰ গিৰীয়েৰ অইন ঠাইলৈ কৰবালৈ যায়?

 তৰা—ঘৰলৈ উলটি নাহে মানে বাটচাম।

 মালতী—বাৰু ছোৱালী জনী, অলপো গাত নালাগিল। এৰা, একো আচৰিত নহয় , যাৰ অশান্তিৰ কোনা কাৰণ নাথাকে, সি শান্ত হৈ থাকিব পাৰে। আন মানুহে যেতিয়া মনৰ দুখত কান্দে, তেতিয়া আমি নাকান্দিবলৈ কওঁ, কিন্তু যেতিয়া তেনেকুৱা মনৰ দুখ আহি আমাৰ পালত পড়ে, তেতিয়া আমি মনক বুজাব নোৱাৰোঁ, কান্দোঁ বা দুখ কৰোঁ। সেই দেখি তোৰ যেন মোৰ নিচিনা দুখ দিবলৈ নিমৰমিয়াল গিৰীয়েৰ নাই, তই মোক বুজনি দিছ। বাৰু ঈশ্বৰে তোক ভালে ৰাখক, তোৰ পাল পড়িলে তোৰ নো কিমান মনৰ শান্তি থাকে চাম।

 তৰা—বাৰু, ময়ো এদিন বিয়া কৰাম, তাকে চাবলৈকে