পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অঙ্ক।

প্ৰথম দৰ্শন।

মায়াপুৰীয়া নিৰঞ্জনৰ ঘৰ।

মালতী আৰু তৰাৰ প্ৰবেশ।

 মালতী—ডাঙ্গৰীয়াও নাহিল, লগুৱাও নাহিল, তাক মই সোনকালে ডাঙ্গৰীয়াক মাতি আনিবলৈ পঠিয়াই- দিলোঁ, এতিয়া বেলি তিনিপৰীয়া হল—আমো নাহিল ফৰমুঠীও নাহিল।

 তৰা—তেওঁ কিজানি কোনোবা মুদৈ-বন্ধুৰ ঘৰত খাই-বৈ আহিব। বলা, বাইদেও! আমি ভাত-পানী খাওঁগৈহঁক। পুৰুষ স্বাধীন, নিজেই নিজৰ গৰাকী,

কাল আকৌ দুইৰো গৰাকী; সেইদেখি যেতিয়া

(২)