পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯ ]

নিশ্চয় তোমাৰ প্ৰাণদণ্ড হব। বন্দীপাল! এওঁক তোৰ হাতত ৰাখ।

 বন্দীপাল—স্বৰ্ণদেৱৰ যি আজ্ঞা।

 ধনবৰ— মই নিৰাশ, নিঃসহায়, নিৰুপায়, আপদত পড়িলোঁ, হে হৰি! তুমি একমাত্ৰ পৰম বন্ধু!

[ কান্দিবলৈ ধৰে আৰু বন্দীপালে হাতত বান্ধ দি লৈ যায় ]

[ সকলোৰে প্ৰস্থান।]