পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]


আছে বুলি শুনা হলেও এই অকাল মৃত্যুতে মই সুখী হব পাৰিলোঁহেঁতেন।

 ৰজা—শুনা দুৰ্ভগীয়া কামপুৰীয়া মুদৈ, বিধতাই তোমাক কেৱল ইমান বিলাক কষ্ট ভুঞ্জিবলৈকে স্ৰজিছিল। যদি তুমি আমাৰ কথাত প্ৰত্যয় যোৱা, আমি পেটে সৈতে তোমাৰ সলনি দুখ পাইছোঁ। আৰু আমাৰ তোমাক নিস্তাৰ কৰিবৰ শক্তি থকা হলে নিশ্চয় কইছোঁ তুমি নিস্তাৰ পালাহেঁতেন। কিন্তু তেনেকৈ ৰক্ষা কৰা আমাৰ পক্ষে অযুগুত। দেশৰ বিধি লঙ্ঘন কৰিলে, এই ৰাজ, সিংহাসন, এই ছত্ৰ-দণ্ড, ৰজাৰ মান-সম্ভ্ৰম, পদ-মৰ্য্যাদা, ৰাজ- প্ৰতিজ্ঞা, ৰজাৰ ধৰ্ম্ম, সকলোকে লঙ্ঘন কৰা হয়। এই বিলাক ৰজাই কেতিয়াও অৱহেলা কৰিব নেপায়। ৰাজ ধৰ্ম্ম নষ্ট কৰা মহা পাতকৰ কথা। যদিও আমি তোমাক প্ৰাণ-দণ্ডৰ আজ্ঞা দিলোঁ, আৰু সেই ৰাজ আদেশ লুটিয়া নোৱাৰোঁ, তেও আমি তোমাক আমাৰ ৰাজ-মৰ্য্যদাৰ গৌৰৱ হানি কৰিও সাধ্য- মতে উপকাৰ কৰিম। আজি গোটেই দিনটো তোমাক দিলোঁ, তুমি পাৰামানে চেষ্টা কৰি চোৱা, আৰু পাৰিলে আপোৰ জীৱনৰক্ষা কৰা। কোনোবাই পুতৌ কৰিব পাৰে। এই নগৰত তোমাৰ যদি চিনাকি কোনোবা আছে তেওঁৰ গুৰিলৈ যোৱা। ধাৰে হক, মাগি হক, ধনৰ যোৰা মাৰি নিজৰ প্ৰাণৰক্ষা কৰা। তাকে কৰিব নোৱাৰিলে