পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১০ ]

দ্বিতীয় দৰ্শন।


ৰাজআলি।


কামপুৰীয়া নিৰঞ্জন, কামপুৰীয়া কলিমন,
আৰু এজন মুদৈৰ প্ৰবেশ।


 মুদৈ—সেই দেখি আপুনি আনৰ আগত আপোনাৰ মায়াপুৰতে ঘৰ বুলি কব। নাইবা আপোনাৰ বস্তু-বাহানি যি আছে সোপাকে আটক কৰি ৰাজভড়াঁললৈ নিব। আজি এজন কামপুৰীয়া মুদৈক এই নগৰলৈ সোমোৱা বাবেই বন্দী কৰিছে। এই ৰাজ্যৰ বিধি মতে তেওঁৰ প্ৰাণদণ্ডও হব। মোক হাতত থবলৈ দিয়া ধনৰ মোনাটো নিয়ক।

(মোনাদিয়ে)

 কা, নিৰঞ্জন—কলিমন, যা এইৰূপৰ মোনাটো নি আমি থকা জাহাজ ঘাটৰ ওচৰৰ অতিথি-থকা ঘৰত থগৈ। মই নাযাওঁ মানে তই ৰাখি থাকিবি। আমাৰ ভাত খাবৰ বেলি হয় হে—হয় মানে মই নগৰৰ গঢ়-গতি চাই ফুৰি আহোঁ। বজাৰ-সমাৰো দৰ-ভাও বুজোঁ, ঘৰ-দুৱাৰ, আলি-পদুলী বিলাকো চাওঁ। ঘূৰি আহি অলপ শুমগৈ, ফুৰি ফুৰি বৰ ভাগৰ লাগিছে—যা।