পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭ ]

বেগ কম গুণে জালোৱাহঁতক একো অপকাৰ নকৰি একেবাৰে ঘৰলৈ পোনালে। স্বৰ্গদেও! এতিয়া শুনিলে মইনটা কেনেকৈ মুখৰ পৰা বিড়ম্বিত হলোঁ। মোৰ দুৰ্ভাগ্যৰ নিমিত্তে মোৰ এই ক্লেশ-ভোগী জীৱ নিজৰ দুখৰ কাহিনি কবলৈকে এতিয়াও জীয়াই আছে!

 ৰজা— আৰু অলপ থিৰ হোৱা। তুমি যাৰ নিমিত্তে কাতৰ হৈছা সিহঁতৰ হকেই কোৱা, সিহঁতৰ আৰু তোমাৰ এতিয়ালৈকে কি কি অৱস্থা হৈছিল আমাক সাৱশেষে জানিব দিয়া।

 ধনবৰ—মোৰ বৰ মৰমৰ সৰুলৰাটীৰ বয়স যেতিয়া ওঠৰ বছৰ সোমাল, তেতিয়া সি ককায়েকৰ নিমিত্তে বৰ উত্ৰাৱল হল। সি মোক নিতৌ লগুৱা লৰাটোয়ে সৈতে ককায়েকক বিচাৰি যাবলৈ খাটে। লগুৱা লৰাটোৰো তাৰ দশাই! তাৰো ককায়েক হেৰাল। যদিও মৰমত মোৰ সৰু লৰাটী পঠাবৰ মন নাছিল তেও বৰটীৰ মৰমতে তাক পঠালোঁ। কোলাৰটি এৰি পেটৰটীলৈ আশা কৰাৰ দৰে হল। পাছত সিহঁতকে বিচাৰিব লগাত পডিল। এবছৰ নহয় দুবছৰ নহয় পাঁচ বছৰ মই সিহঁতকে বিচাৰি দেশ-দেশান্তৰ ফুৰিলোঁ; অৱশেষত পোৱাৰ অলপো আশা নাথাকিলেও মানুহে বসতি কৰা সকলো ঠাইত বিচাৰিবৰ মনেৰে ঘৰমুৱা হৈ সাগৰৰ দাঁতিয়ে দাঁতিয়ে আহি মায়াপুৰ পালোঁহি। ইমানতে মোৰ জীৱনৰ কাহিনি শেষ হল। অত দেশ ফুৰি সিহঁত জীয়াই