পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

“জোনাকী”ত প্ৰৱন্ধ লিখাৰ উপৰি ব্যৱসায় জীৱনত মহাকবি চেক্সপিয়েৰৰ Merchant of Venice ৰ অসমীয়া ভাঙনি লিখিছিল। অসমীয়া কিতাপৰ সাধাৰণতে যেনে অৱস্থা হয় এই খনৰো সেই অৱস্থাই হল। ইহাত সিহাত হওঁতে কিতাপখন হাতে লিখা অৱস্থাতে হেৰাল। তেখেতে শ্ৰীমদ্ভাগৱত গীতাৰ ভাষ্য এখনো লিখিবলৈ আৰম্ভ কৰিছিল, কিন্তু সেই কাম সমাপ্ত কৰি যাব নোৱাৰিলে।

 ওকালতি ব্যৱসায়ত তেখেত সম্পূৰ্ণ নিৰ্ভীক আছিল। বুঢ়া বয়সত তেখেতে ওকালতি কৰিবলৈ এৰে। তেখেত ১৯৩৬ চনৰ এপ্ৰিল মাহত শিৱসাগৰ নগৰত স্বৰ্গী হয়।

 কিতাপখন পূৰ্ব্বে যেনে মতে ছপা হৈছিল আদিৰ পৰা অন্তলৈকে সেই দৰেই ছপাবৰ চেষ্টা কৰা হৈছে আৰু ছাপাখানাৰ অনুগ্ৰহত য’ত অলপ লৰচৰ হৈছে সেইবিলাকৰ এখন তালিকা দিয়া হৈছে। কিন্তু দেশৰ বৰ্ত্তমান অৱস্থালৈ চাই ৬, ৭ আৰু ৯৭ পৃষ্ঠাত মোটতে তিনটা শব্দ সলাই দিব লগীয়া হল। ইচ্ছা কৰি বঢ়োৱা হৈছে মাত্ৰ লিখকসকলৰ ফটো একোখন আৰু এই নিবেদন খনি।

 দেৱ ৰত্নধৰ বৰুৱাৰ পুত্ৰ শ্ৰীযুত হংসধৰ বৰুৱাৰ পৰা “ভ্ৰম-ৰঙ্গ” নাটক ছোৱা আৰু শ্ৰদ্ধাস্পদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ পৰা বাকী অংশ নোপোৱা হলে এই পুৰণা নাটকখনি পুনৰ মুদ্ৰিত কৰিব পৰা নহলহেতেন।

 শ্ৰদ্ধাস্পদ ৰায় বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা, সাহিত্যিক পেঞ্চনাৰৰ পৰা এই নিবেদন লিখাৰ নিমিত্তে কিছু সঁজুলি পাই এই নিবেদনতে তেখেতৰ গুণ স্বীকাৰ কৰিলোঁ। ইতি-

গুৱাহাটী,
২৯ কাতি, ১৮৫৯ শকাব্দ।

শ্ৰীহৰিপ্ৰসাদ বৰুৱা।