পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )

সাগৰ হাইস্কুলৰ পৰা ১৮৮২-৮৩ চনত এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ এখেত কলিকতাত পঢ়িবলৈ যায়। প্ৰথম ছমাহ কেঠেড্ৰেল মিছন কলেজত পঢ়াৰ পাছত সেই কলেজ উঠি যোৱাত জেনেৰেল এচেম্‌ব্লিত (বৰ্ত্তমান স্কটিচ্‌ চাৰ্চ্চ্‌ কলেজ) পঢ়েগৈ। সেই সময়ত বিলাতত পঢ়িবলৈ যাবৰ নিমিত্তে মাহিলি দুশ টকীয়া বৃত্তি এটাৰ নিমিত্তে প্ৰতিযোগিতা পৰীক্ষা হয়। বৰুৱাদেৱে সেই পৰীক্ষা দিবলৈ অহোপুৰুষাৰ্থ কৰি পঢ়োতে তেখেতৰ স্বাস্থ্য ভঙ্গ হয়। কেইজনমান অসমীয়া ভদ্ৰলোক উপদেশত এই চেষ্টাৰ পৰা বিৰত হৈ তেখেতে চেণ্ট্‌ জেভিয়াৰচ্‌, কলেজত দ্বিতীয় বাৰ্ষিক শ্ৰেণীত নাম লগায়। তেখেতৰ ঘৰৰ অৱস্থা টনকিয়াল নথকা বাবে কলেজত বিনা মাছুলে পঢ়িবলৈ পাইছিল। বৰুৱাদেৱে ১৮৮৫ চনত এফ-এৰ মহলাত উঠি ১৮৮৭ চনত বি-এ পৰীক্ষা পাছ কৰে। এনেতে চৰকাৰে তেখেতক চব-ডেপুটি কলেক্টৰৰ পদ যাচে, কিন্তু তেখেতে সেই কাম নলৈ বি-এল পঢ়িবলৈ কলিকতালৈ আকৌ-গল। ১৮৮৯ চনত তেখেতে বি-এল পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰত ওকালতি ব্যৱসায়ত লাগে। পাছতে চৰকাৰে এখেতক এক্‌ষ্ট্ৰা এচিষ্টেণ্ট কমিছনাৰৰ পদ দিব খুজিছিল, কিন্তু তেখেতে নিজৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সেই বাবলৈকো মন নেমেলিলে।

 কলিকতাত “আচামিজ টুডেণ্টচ্‌ লিটাৰেৰি ক্লব” প্ৰতিষ্ঠাতা সকলৰ ভিতৰত বৰুৱাদেৱ অন্যতম। ছাতৰ জীৱনত