পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১ )

হাইস্কুলত পঢ়িবলৈ লগোৱা হয়। শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে বিষ্ণুগ্ৰাম ৰাজবৃত্তি আৰু চৰকাৰৰ পৰা ২০৲ টকীয়া জলপানী লৈ কলিকতাত পঢ়িবলৈ যায়। কলিকতাৰ কলেজত পঢ়ি দুবছৰৰ পাছত এফ-এ আৰু তাৰ দুবছৰৰ পাছত বি–এ পৰীক্ষা পাছ কৰে। বি-এ পাছ কৰাৰ পাছত কলিকতা হাইকোৰ্টৰ অসমীয়া অনুবাদকৰ প্ৰতিযোগিতা পৰীক্ষাত ২৫২ জন পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ স্থান অধিকাৰ কৰাত তেখেতক হাইকোৰ্টে ১২০৲ টকা মাহিলি দৰমহাত অসমীয়া অনুবাদক কামত মকৰল কৰিলে। তেতিয়াৰে পৰা তেখেত কলিকতাৰ বাসিন্দা হল। সেই বছৰতে তেখেতে বি, এল পৰীক্ষা পাছ কৰে। তেখেতে ৩০ বছৰ কাম কৰি কামৰ পৰা অৱসৰ লৈ যোৰহাটত বসতি কৰেহি। অৱসৰ পৰা বহুত আগতে তেখেত হাইকোৰ্টৰ প্ৰধান অনুবাদকৰ কামলৈ উধায়। ১৯৩৫ চনৰ কংগ্ৰেচ জুবিলিৰ দিনা (২৮ ডিচেম্বৰ তাৰিখে) তেখেত যোৰহাটত স্বৰ্গী হয়।

 কলিকতাত থকা বাবে তেখেতে লৰা-ছোৱালীক উচ্চ শিক্ষা দিবৰ বিশেষ সুবিধা পাইছিল। তেখেতৰ তিনি গৰাকী কন্যাই বৰ উচ্চ শিক্ষা পাইছে।

 “ভ্ৰম-ৰঙ্গ” লিখোতা চাৰিজনৰ ভিতৰত সদৌ শেষত স্বৰ্গী হয় দেৱ গুঞ্জানন বৰুৱা। ১৮৬০ চন ডিচেম্বৰ মাহত (১৭৮২ শক ৮ কাতি) শিৱসাগৰত এখেতৰ জন্ম হয়। শিৱ