পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )
 

 বৰুৱাদেৱে দুবছৰকাল মন্ত্ৰীৰ কাম কেনে সুদক্ষতাৰে চলাইছিল তাৰ প্ৰমাণ স্বৰূপে ইমানকে কলে যথেষ্ট হব যে, সদৌ শেহৰ ৰোগত শয্যাগত অৱস্থাত থাকোতে দেৱ আব্দুল মজিদ চি-আই-ই চাহাব বিলাতলৈ যাবৰ কাৰণে ছমাহৰ ছুটি লৰ খোজাত চাৰ হেনৰী কাৰ গৱৰ্ণৰ বাহাদুৰে বৰুৱাদেৱক “এক্‌জিকিউটিভ্‌ কাউঞ্চিলাৰ”ৰ পদ যাচে আৰু তেখেতে সেই পদ লবলৈ মান্তি হয়। এই বিষয়ক লিখা-লিখিৰ কাকত পত্ৰ বৰুৱাদেৱৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীমান মহেন্দ্ৰনাথ বৰুৱাদেৱৰ হাতত এতিয়াও আছে। কিন্তু নতুন কৰ্ম্মভাৰ লোৱাৰ পূৰ্ব্বেই কালৰ কৰাল হাত বৰুৱাদেৱৰ গাত পৰে।

 জাতীয় জীৱনৰ আৱশ্যকীয় সকলো কামতে দেৱ ঘনশ্যাম বৰুৱাই হাত দিছিল। বৰ্ত্তমান কালত তেখেতৰ দৰে সৰ্ব্বমুখী প্ৰতিভাৰ পুৰুষ অসম জননীয়ে জন্ম দিয়া নাই বুলি কলে অত্যুক্তি কৰা নহয়।

 “ভ্ৰম-ৰঙ্গ” লিখকসকলৰ ভিতৰত কালৰ হাত পৰা তৃতীয় পুৰুষ জন হৈছে দেৱ ৰমাকান্ত বৰকাকতী। এখেতৰ জন্ম হয় শিৱসাগৰ মহকুমাৰ চাৰিং মৌজাৰ দুৱৰা-কাকতী গাৱঁত। ১৮৬০ চনৰ ডিচেম্বৰ মাহত এখেতৰ জন্ম হয়। নিজ গাৱঁতে ককাকে স্থাপিত কৰা পাঠশালাত ৮ বছৰ বয়সলৈকে পঢ়ি বৰকাকতীদেৱে শিৱসাগৰ হাইস্কুলত কাম কৰা দায়েকৰ লগত থাকি বঙলা স্কুলত ৩।৪ বছৰ পঢ়ে। সেই স্কুলৰ শেষ পৰীক্ষা দিয়াৰ পূৰ্ব্বেই তেখেতক নি