পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )

আৰু ইখন “চাউথ্‌বোৰো কমিটী।” প্ৰথম খনত অসমীয়া সদস্য আছিল, (১) দেৱ ঘনশ্যাম বৰুৱা, (২) দেৱ গঙ্গাগোবিন্দ ফুকন, (৩) ৰায় চাহাব (পাছত ৰায় বাহাদুৰ) পদ্মনাথ গোহাঞি বৰুৱা, (৪) মিষ্টাৰ তৰুণ ৰাম ফুকন, (৫) শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা (৬) দেৱ নবীনচন্দ্ৰ বৰদলৈ আৰু (৭) শ্ৰীযুত প্ৰসন্ন কুমাৰ বৰুৱা। এই ডেপুটেচনত দেৱ ঘনশ্যাম বৰুৱাই অভিনন্দন পাঠকৰ বাব পাইছিল। দ্বিতীয়খন কমিটীত অসমীয়া সাক্ষ্য দিওঁতা সদস্য আছিল (১) অসম এচেচিয়েচনৰ প্ৰতিনিধি স্বৰূপে দেৱ ঘনশ্যাম বৰুৱা, (২) আহোম এচোচিয়েচনৰ প্ৰতিনিধি স্বৰূপে ৰায় চাহাব (পাছত ৰায় বাহাদুৰ) পদ্মনাথ গোহাঞি বৰুৱা, (৩) জমিদাৰ সকলৰ প্ৰতিনিধি স্বৰূপে ৰজা বাহাদুৰ প্ৰভাত চন্দ্ৰ বৰুৱা, (৪) মুছলমান সমূহ প্ৰতিনিধি স্বৰূপে মৌলবী সৈয়দ (পাছত চাৰ) মহম্মদ চাদুল্লা। এই কমিটীত দেৱ ঘনশ্যাম বৰুৱা সংযোগী সদস্যও আছিল।

 “ৰিফৰ্মড্‌ কাউন্সিলৰ” বাচনিত বিনা প্ৰতিদ্বন্দিতাৰে উঠাত, চাৰ নিকলা বিটচন বেল গৱৰ্ণৰ বাহাদুৰে বৰুৱাদেৱক মন্ত্ৰীৰ পদ দিয়ে। তেখেতে স্বায়ত্ব শাসন আৰু ডাক্তৰী বিভাগৰ ভাৰ লৈ বৰ সুখ্যাতিৰে কাম চলায়। তেখেতৰ যত্নতে বৰ্ত্তমান মিউনিচিপেল বিল প্ৰণয়ন হয়। কিন্তু দুৰ্ভাগ্যৰ বিষয় কাউন্সিলত বিল শেষবাৰ পেচ কৰোতে তেখেত অন্তিম শয্যাত পৰি আছিল। তাৰ কিছু দিনৰ পাছতে ১৯২৩ চনৰ ২৬ মাৰ্চ্চ তাৰিখে অশোকাষ্টমী তিথিত অসমৰ ৰাজধানী চিলঙত বৰুৱাদেৱ স্বৰ্গী হয়।