পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

হৈছে চৰকাৰী চাকৰীয়া বাচনি কমিটিৰ সভ্যৰ বাব। তেখেতক আৰু ছিলেটৰ দেৱ খান বাহাদুৰ আব্দূল মজিদক ( পাছত শিক্ষা বিভাগৰ মন্ত্ৰী হয় আৰু চি-আই-ই খিতাপ পায় ) লোকেল বোৰ্ড দুখনৰ চেয়াৰমেন পাতিবৰ মনেৰে চিফ কমিছনাৰ চাহাবে গোলাঘাট আৰু উত্তৰ ছিলেটৰ লোকেল বোৰ্ডক বে-চৰকাৰী চেয়াৰমেন মনোনীত কৰিবৰ ক্ষমতা দিব খোজে। কিন্তু নিজৰ দেশৰ মানুহ ডাঙৰ হৰ এই কথা অসম দেশৰ কেইজনমান মানুহে সহিব নোৱাৰিলে। দুয়োখন বোৰ্ডে এই প্ৰস্তাৱত মান্তি নহল।

 ১৯১৪ চনৰ পৰা বৰুৱাদেৱৰ গাত “আসাম এচোচিয়েচন”ৰ সম্পাদকৰ ভাৰ পৰে। কাউন্সিল আৰু আন চৰকাৰী আৰু ৰাজহুৱা কামত গোলাঘাটৰ পৰা বহুত দিনলৈ আঁতৰি থাকিব লগীয়া হোৱাত ওকালতি ব্যৱসায়ৰ পৰা তেখেতৰ উপাৰ্জ্জন কমি আহে। এনে কি সংসাৰৰ খৰচ যোগোৱাও কষ্টসাধ্য হয়। তথাপি ৰাতিপুৱা গধূলি বৰুৱাদেৱে এচোচিয়ে- চনৰ কামত লাগিছিল। তেখেত সম্পাদক থকা কালত অসম এচোচিয়েচনে মূৰ দাঙি উঠিছিল, ৰাইজৰ বহুত কাম হৈছিল। বৰুৱাদেৱে মন্ত্ৰীৰ বাব নোলোৱালৈকে এচোচিয়েচনৰ সম্পাদকত্ব তেখেতৰ গাতে আছিল।

 ১৯২১ চনৰ পৰা “ৰিফৰ্মড্‌ কাউন্সিল”ৰ সৃষ্টি হয়। তাৰ আগতে সেই বিষয়ক পৰ্য্যালোচনাৰ অৰ্থে দুখন ৰাজকীয় কমিটী বহিছিল—এখন “মণ্টেগু-চেমচ্‌ফোৰ্ড প্ৰস্তাৱনা কমিটী”