পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )

তেখেত অসম কাউন্সিল সদস্য নিৰ্ব্বাচিত হয়। তেখেতৰ প্ৰতিদ্বন্দী আছিল চাহ খেতিয়ক মিষ্টাৰ প্লেফেয়াৰ। সেই সময়ত ভাৰতীয় কাউন্সিললৈ প্ৰাদেশিক কাউন্সিল সমূহে প্ৰতিনিধি পঠাইছিল। ১৯১৩ চনত তেখেতে দেৱ মানিক চন্দ্ৰ বৰুৱা আৰু দেৱ কামিনী কুমাৰ চন্দক ঘটুৱাই ভাৰতীয় কাউন্সিলৰ সভ্য নিৰ্ব্বাচিত হয়। ভাৰতীয় কাউন্সিলত তেখেতে বহুত আলোচনাত যোগ দিছিল। ১৯১৫ চনৰ জানুৱাৰী মাহত বৰ লাট বাহাদুৰে বৰুৱাদেৱক ৰায় বাহাদুৰ উপাধিৰে ভূষিত কৰে।

 ১৯১৬ চনৰ নিৰ্ব্বাচনতো বৰুৱাদেৱ অসম কাউন্সিলৰ সদস্য নিৰ্ব্বাচিত হয়। এইবাৰে তেখেতে ভাৰতীয় সভালৈ যাবলৈ চেষ্টা কৰে, কিন্তু দেৱ কামিনী কুমাৰ চন্দৰ লগত প্ৰতিদ্বন্দিতাত সফল হব নোৱাৰিলে। এইটো কিন্তু শাপত বৰ হল। এই কাউন্সিলত বৰুৱাদেৱে কেনে দক্ষতাৰে আলোচনাত যোগ দিছিল আৰু তাত কি কাম কৰিব পাৰিছিল কাউন্সিলৰ ৰিপোৰ্ট পঢ়া সকলে জানে। তেখেতৰ গুণ স্বীকাৰ কৰিয়েই, ১৯১৯ চনত কৰ্ণেল গৰ্ডনে কামৰ পৰা অৱসৰ ললত, তেখেতৰ ঠাইত চাৰ নিকলাচ্‌ বিটচন বেল, চিফ কমিছনাৰ চাহাবে বৰুৱাদেৱক অসম কাউন্সিলৰ ভাইচ প্ৰেচিডেণ্ট্‌ পাতে। ভাৰতৰ অন্য কোন প্ৰাদেশিক কাউন্সিলত ভাৰতীয়ই এনে সম্মান পূৰ্ব্বে পোৱা নাছিল।

 ১৯১৬ চনৰ পৰা বৰুৱাদেৱে বহুত চৰকাৰী কামত যোগ দিব লগীয়া হৈছিল। তাৰ ভিতৰত বিশেষ উল্লেখযোগ্য