পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০০ ]

খোৱা সমজুৱা সকলে, যদি অনুগ্ৰহ কৰে তেনেহলে আজি এদিনৰ অতবোৰ ভ্ৰমৰ কাৰণে আপোন সকলে যি কষ্ট পাইছে, তাৰ বাবে সমুচিত সুশ্ৰষা কৰিব পাৰোঁ। বোপা তহঁত উপজিবৰে পৰা তেত্ৰিশ বছৰৰ মূৰত আজিহে মোৰ বুকুৰ শিল চপৰা গুচিল।

 ৰজা—একো কথানাই; আনন্দমনেৰে মই যাম।

[দুই নিৰঞ্জন আৰু দুই কলিমনত বাজে
সকলোৰে প্ৰস্থান।

 কা, কলি— দেউতা, জাহাজত তোলা আপোনাৰ বস্তু-ৱাহানি সোপা আনোঁ গৈ।

 মা, নিৰণ—মোৰ কি বস্তু জাহাজত তুলিছিলি হেৰ কলিমন?

 কা, কলি—কেলেই, সেই পকাঘাটত অতিথি-থকা ঘৰত যে আছিল, সেই সোপা।

 কা, নিৰণ—অ সি মোক হে কৈছে। হেৰ মোৰ লগত হে আহিছ তই কলমন। আহ বাৰু তই আমাৰ লগত, আমি তাৰ দিহা কৰিম। সেইটো তোৰ ককায়েৰক সাবত মাৰি ধৰি, তাৰে সৈতে ৰঙ্গ-ধেমালী কৰ।

[ দুই নিৰঞ্জনৰ প্ৰস্থান।

 কা, কলি—তোমাৰ দেউতাৰাৰ ঘৰত থকা সেই শকত গাৰে মাইকী মানুহ জনাই, আজি মোক দুপৰীয়া তুমি