পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯৯ ]


 সোণেশ্বৰ—হবপায় ডাঙ্গৰীয়া, কিন্তু মোত কি দোষ, আপোনাৰ নিজ ভাৰ্য্যাই আপোনাক চিনিব নোৱাৰিলে।

 মালতী—ডাঙ্গৰীয়া, আপোনাক মুকলি কৰি নিবলৈ মই কলিমনৰ হাততে ধনৰ মোনাটো দি পঠিয়াইছিলোঁ, কিন্তু সি নিদিলেহি হবলা।

 মা, কলি—কতা, মোৰ হাতত হলে ফুটা কড়ি এটাকে দিয়া নাই।

 কা, নিৰণ—এইয়া সেই ধন মই হে পালোঁ৷ মোৰ লগুৱা কলিমনে লৈ আহিছিল। অ ভালেতো হে, আমি দুইও ইটোৱে সিটোৰ লগুৱাক, সিটোৱে ইটোৰ লগুৱাক ঘুৰি ঘুৰি পাই ফুৰিছিলোঁ; মোক তেওঁ বুলি ভাবে, তেওঁক মই বুলি ভাবে, এয়েই হে অতবোৰ ভ্ৰমৰ মূল।

 মা, নিৰণ—পিতাৰ দণ্ডৰ বাবে এই হাজাৰ ৰূপ মই পেলালোঁ৷

 ৰজা—ৰূপ দিবৰ আৱশ্যক নাই। তোমাৰ পিতৃৰ জীৱন দান দিলোঁ।

 সোণপাহী—মোৰ সেই আঙ্গঠিটো পাব লাগে।

 মা, নিৰণ—এইটো নে?

 তাপসী—হে ৰাজাধিৰাজ মহাৰাজ! বেটীক অনুগ্ৰহ কৰি যদি এই মন্দিৰৰ ভিতৰলে দোখোজ মান আহে, তেনে- হলে স্বৰ্গদেৱক দুৰ্ভাগ্যৰ সকলো কথা জনাই বেটীয়ে কৃতকৃত্য হব পাৰোঁ। আৰু ইয়াত গোট-