পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০১ ]

বুলি যেনেকৈ হে লাগিছিল। হওক তেও এতিয়া মোৰ ঘৈণী নহৈ বৌ হব লগা হল।

 মা, কলি — এইটোৱেই মই নে, সেইটোৱেই মই? তই মোৰ আৰচী যেন হে পাইছোঁ, ভাই নহ। এহে! মই কেনে চিকোন-মুৱ ডেকা! এতিয়া হে দেখিছোঁ।— বল যাওঁ।

 কা, কলি— তুমি আগ হোৱাঁ৷

 মা, কলি— নহয়, দুয়ো সমানে উপজিছোঁ, এতিয়াও দুয়ো সমানে হাতত ধৰা-ধৰি কৈ যাওঁ।

[প্ৰস্থান।


সমাপ্ত।