পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

দিয়া হৈছিল। তাৰ পাছত প্ৰথম দুজন অসমৰ ছাত্ৰক ২৫৲ টকীয়া আৰু তাৰ পাছৰ ১৪ জনক ২০৲ টকীয়া বৃত্তি দিয়া হয়। বৰুৱাদেৱে মাহে ২০৲ টকীয়া বৃত্তি পাইছিল। ঘৰৰ অৱস্থা ভাল থকা বাবে তেখেতে ঘৰৰ পৰাও টকা নিছিল। যেতিয়া “ভ্ৰম-ৰঙ্গ” ছপা কৰিব লগীয়া হয় তেখেতেই সকলো খৰছ যোগায়।

 ডেকা ৰত্নধৰে ১৮৮৫ চনত দ্বিতীয় বিভাগত এফ্-এ পৰীক্ষা পাছ কৰি ১৮৮৭ চনত বি-এ পৰীক্ষা পাছ কৰে। তাৰ পাছত বি-এল পৰীক্ষাৰ নিমিত্তে সাজু হওঁতে তেওঁ তিনিজন সহপাঠীৰে সৈতে লগ লাগি “ভ্ৰম-ৰঙ্গ" নাটকখনি লিখে। ১৮৮৯ চনত তেওঁ বি-এল পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৯২ চনলৈকে নগাৱঁত ওকালতি কৰে। সেই বছৰ তেখেতে চব্-ডিপুটি কলেক্টৰ কামৰ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি সেই বিষয় পায়। তেখেতক গাৰো পাহাৰত কামত দিয়া হয়। তাতে কলাজ্বৰ ৰোগত আক্ৰান্ত হোৱাত মঙ্গদৈলৈ বদলিত আহি তাৰ পৰা ছুটিত ঘৰলৈ যায়। ৰোগৰ উপশম নোহোৱাত বৃন্দাবনলৈ বুলি যাত্ৰা কৰি আহি গুৱাহাটীত ১৮৯৪ চনত ঢুকায় ৷

 “জোনাকী” আৰু “বিজুলী”ত ওলোৱা প্ৰৱন্ধত বাজে তেওঁ লিখা আন একো প্ৰৱন্ধাদি পোৱা নাযায়।

 “ভ্ৰম-ৰঙ্গ” লিখোতা সকলৰ ভিতৰত স্বৰ্গী হোৱা দ্বিতীয় পুৰুষজন হৈছে দেৱ ঘনশ্যাম বৰুৱা। এখেত ১৮৬৭ চনৰ ১৫ এপ্ৰিল তাৰিখে গোলাঘাট মহকুমাত ওপজে। পিতাক আছিল