পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(8)


খুমটাইৰ মৌজাদাৰ দেৱ কান্তিৰাম বৰুৱা। ঘৰতে শিক্ষা আৰম্ভ কৰি, সেই কালত গোলাঘাটত ইংৰাজী শিক্ষাৰ কোনো ব্যৱস্থা নথকা গতিকে, বৰ ককায়েক দেৱ দণ্ডধৰ বৰুৱাৰ (পাছত ৰায় বাহাদুৰ খিতাপ পায়) লগত থাকি শিৱসাগৰৰ গৱৰ্ণমেন্ট হাই স্কুলৰ পৰা ১৮৮২-৮৩ চনত এণ্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰি ২০৲ টকীয়া বৃত্তি লৈ কলিকতাত প্ৰেচিডেঞ্চি কলে- জৰ পৰা এফ-এ আৰু জেনেৰেল এচেম্বলিৰ পৰা (বৰ্তমান স্কটিচ্‌ চাৰ্চ্চ্‌ কলেজ) ১৮৮৭ চনত বি-এ পৰীক্ষা পাছ কৰে। আগৰ ডোখৰত দেৱ আব্দুল মজিদ (পাছত চি-আই-ই খিতাপ পায়। চাহাবৰ সৈতে এখেত “আসামিজ ষ্টুডেণ্টচ্ লিটাৰেৰি ক্লবৰ’’ যুটীয়া সম্পাদক আছিল। বি-এল পৰীক্ষা দিবলৈ সাজু হওঁতে এখেতে বাকী তিনিজন লগৰীয়াৰে সৈতে লগ লাগি ‘ভ্ৰম-ৰঙ্গ” নাটক লিখে।

 সেই সময়ত অসমীয়া আলোচনীৰ নিমিত্তে প্ৰৱন্ধ লিখা কলিকতীয়া ছাত্ৰসকলৰ নিমিত্তে বাধ্যতামূলক আছিল। নিজে লিখা প্ৰৱন্ধ দিব নোৱাৰিলে অৰ্থ-দণ্ড দিব লাগিব। এখেতৰ গাত বাব পৰিল প্ৰৱন্ধ এটা লিখি দিব লাগে, নহলে ১৫৲ জৰিমনা ভৰিব লাগিব। তেতিয়া বৰুৱাদেৱে “আত্মশিক্ষা” নামে দীঘলীয়া প্ৰৱন্ধ এটা লিখে। সেই প্ৰৱন্ধটি অদ্যাপি ৰায় বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাৰ “সাহিত্য-সংগ্ৰহ’’ত সন্নিবিষ্ট হৈ জিলিকি আছে। ভাটী বয়সত তেখেতে শ্ৰীমদ্ভাগৱত গীতাৰ অসমীয়া ভাষ্য এখন লিখিবলৈ হাতত লয়। কিন্তু