পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 অসমত এনে এটা কাল আছিল যেতিয়া থিয়েটাৰ কৰিবলৈ হলে মাথোন “ভ্ৰম-ৰঙ্গ” নাটকখনি হে পোৱা হৈছিল। এতিয়া সেই কিতাপ পাবলৈ নাইকিয়া হল। আৰু লিখকসকলৰ এজনো ইহ সংসাৰত নাই।

 ভাঙনী কৰোতা চাৰিজনৰ ভিতৰত দেৱ ৰত্নধৰ বৰুৱাই প্ৰথমতে ইহলোক এৰিব লগীয়া হয়। তেখেতৰ জন্ম হয় নগাঁৱত খ্ৰীঃ ১৮৬৪ চনৰ চেপ্টেম্বৰ মাহত। সেই জিলাৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮২-৮৩ চনত তেওঁ এণ্ট্ৰেঞ্চ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। লক্ষীপুৰৰ জমিদাৰ দেৱ খগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰত এণ্ট্ৰেঞ্চ পৰীক্ষাত সৰ্ব্বোচ্চ স্থান অধিকাৰ কৰা ছাত্ৰক দিয়া সোণৰ পদক বৰুৱাদেৱে পায়। কাছাৰ জিলাৰ বাসিন্দাসকলে তেওঁলোকৰ ভূতপূৰ্ব্ব ডেপুটি কমিছনাৰ মিষ্টাৰ অ’, জি, আৰ, মেক্‌ৱিলিয়ম্‌ বি-এ, চি-এচৰ সম্মানাৰ্থে এণ্ট্ৰেঞ্চ পৰীক্ষাত সকলোতকৈ আগ হোৱা ছাত্ৰক দিয়া ৰূপৰ পদকো বৰুৱাদেৱে পায়।

 সেই কালত কলিকতালৈ যাব লগীয়া হলে, জাহাজেদি গৈ গোৱালণ্ডত ৰেল ধৰিব লাগে। এনেকি, তেতিয়া ধুবুৰীলৈকো ৰেল পতা হোৱা নাই। ৰেলে জাহাজেদি বগাই বৰুৱাদেৱে আৰু তেওঁৰ সহপাঠীসকলে কলিকতাত পঢ়েগৈ।

 ইতিপূৰ্ব্বে অসমৰ কলেজটো উঠাই দিয়া হল। সেই ক্ষতি পূৰণৰ অৰ্থে এণ্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰা অসমীয়া চাতৰ সকলক বঙলাদেশৰ কলেজত পঢ়িবলৈ মাহে ২০৲ টকীয়া বৃত্তি