পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৴৹

কৰা মানুহটিয়েই যে কেবছৰমানৰ পাছত এনেবোৰ পুথি লেখিছিল, যিবোৰ পুথি এই পৃথিবী থকালৈকে স্থায়ী হ’ব সিয়ো এটি আচৰিত কথা। আমাৰ মনত হয়, শ্যেক্সপিয়েৰ ইমান ডাঙৰ নোহোৱা হ’লে এই ঘোৰা ধৰা কথা কেতিয়াও নোলালহেঁতেন।

 শ্যেক্সপিয়েৰে সাতত্ৰিশখন নাটক লেখে। সেই সাতত্ৰিশখনৰ ভিতৰত “ভেনিচৰ সাওদ” নাটখনে আজি তিনি শ বছৰ নানান দেশৰ নানান জাতিৰ মানুহৰ মন মুহি আহিব লাগিছে। ইংৰাজী চন ১৬০০ ত “মাৰ্চেণ্ট অব ভেনিচ” ওলায়। শ্যেক্সপিয়েৰে এই নাটৰ ঘটনাৰ বিষয়টো আন পুৰণি কিতাপৰপৰা সংগ্ৰহ কৰিছিল বুলি প্ৰবাদ আছে। নানান্ মুনিৰ নানান্ মত এই বিষয়ে শুনা গৈছে। কোনোৱে কয় এখন কিতাপৰপৰা, আনে কয় আন এখনৰপৰা। এনেকৈ মতৰ অনৈক্যতা দেখা যায়। সি যি হওক, শ্যেক্সপিয়েৰক যাক ইংৰাজীত Plagiarism কোৱা হয় (অৰ্থাৎ শব্দ চুৰ, ভাব চুৰ কৰা,) সেই দোষ দিব নোৱাৰি।

 শ্যেক্সপিয়েৰৰ সময়ত আৰু তাৰ আগৈয়েও ইহুদী আৰু খ্ৰীষ্টধৰ্ম্মাৱলম্বীসকলৰ মাজত বিৰোধ আছিল। সেই বিৰোধে যে ইমান উগ্ৰমূৰ্তি ধাৰণ কৰিব, তাত আশ্চৰ্য কি? শ্বাইলকক যিমান আমি আটায়ে দোষ দিওঁ, সিমান দোষ শ্বাইলকক দিয়া উচিত নহয়। শ্বাইলকৰো আন মানুহৰ দৰে দয়া, স্নেহ, হিংসা আছিল। ভেনিচৰ সাওদত শ্যেক্সপিয়েৰৰ বহুতো সাৰগৰ্ভ কথা আছে। যিমান দূৰ পৰা গৈছে, সেইবোৰ হুবহু অনুবাদ কৰিবৰ চেষ্টা কৰা হৈছে। “দয়াৰ” বিষয়ে, ডিউকৰ কছাৰীত শ্বাইলকৰ হৃদয় দ্ৰৱ কৰিবৰ নিমিত্তে দিয়া পোৰ্চিয়াৰ বক্তৃতাই যদিও শ্বাইলকৰ হৃদয় দ্ৰব কৰিব পৰা নাছিল, কিন্তু পৃথিবীৰ আন সকলো মানুহৰ হৃদয় দ্ৰৱ কৰিব লাগিছে।