পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৹

আছে বোলে তেওঁ হুনু স্যৰ টমাচ লুচি (Sir Thomas Lucy) নামৰ এজন সেই ঠাইৰ ধনী মানুহৰ বাৰীত কিবা অপহৰণ কৰিছিল। সেই লাজতে হুনু তেওঁ ষ্ট্ৰেট্‌ফৰ্ড এৰি লণ্ডনলৈ যায়। এই কথা কিমান বিশ্বাসযোগ্য আমি কব নোৱাৰোঁ। তেওঁ লণ্ডনলৈ যোৱাৰ আন কাৰণো থাকিব পাৰে। লণ্ডনলৈ নোযোৱা হ’লে কবিব ইমান বহুমূল্য পুথিবোৰ লেখা নহ’লহেঁতেন। যি কাৰণৰ নিমিত্তেই তেওঁ ষ্ট্ৰেট্‌ফৰ্ড এৰি লণ্ডনলৈ যাওক— তাৰ ফল যে পৃথিবীৰ পক্ষে উপকাৰী হৈছে ইয়াত সন্দেহ কি?

 আৰু এটি কথা আমাৰ অসমীয়া পাঠকৰ আচৰিত লাগিব। তেওঁ ওঠৰ কি উনৈশ বছৰ বয়সত এন্ হেথেওৱে বুলি তেওঁতকৈ আঠ ন বছৰৰ ডাঙৰ এজনা তিৰুতৰ পাণিগ্ৰহণ কৰে। তেওঁলোকৰ তিনটি সন্তান জন্মে।

 ষ্টেট্‌ফৰ্ডলৈ সিদিনা যাওঁতে আমি এন্ হেথেওৱেৰ ঘৰ চাই আহিছোঁ। ষ্টেট্‌ফৰ্ডৰপৰা ডেৰ মাইলমান দূৰ শ্বটাৰি (Shottery) নামে গাঁৱত সেই ঘৰ। আমি শ্যেক্সপিয়েৰৰ ঘৰ বাৰী চোৱাৰ পাছত পথাৰৰ মাজেদি সেই ঘৰ চাবলৈ গলোঁ। তেতিয়া আমাৰ মনত হৈছিল যে, সেই বাটেদিয়েই হয় তো বিবাহৰ পূৰ্ব্বে উইলিয়ম আৰু এন্ অহা যোৱা কৰিছিল। ষ্টেট্‌ফৰ্ডৰ বিৱৰণ ইয়াত দিবৰ ইচ্ছা নাই; এনেয়েহে ইয়াত সেই বিষয় উল্লেখ কৰিলোঁ।

 পৃথিবীতে মানুহ মহৎ হ’লে তেওঁলোকৰ বাল্যজীৱনৰ বিষয়ে নানান্ কথা ওলায়। শ্যেক্সপিয়েৰৰ যে তেনে নহব— ই আচৰিত। লণ্ডনলৈ গৈ প্ৰথমে থিয়েটৰলৈ যোৱা ডেকাবোৰৰ ঘোৰা ধৰি তেওঁ জীবিকা নিৰ্বাহ কৰিছিল। এই কথা সঁচা হওক কি মিছা হক, আমাৰ ইয়াৰে সৈতে সম্পৰ্ক নাই। এই ঘোৰা ধৰি জীবিকা-নিৰ্ব্বাহ