পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৵৹

 শ্যেক্সপিৰেৰৰ অগাধ বুদ্ধি, মানুহৰ স্বভাৱ চিনা বিষয়ত পাণ্ডিত্য গভীৰ। সেই দেখি দুই এজন মানুহে কয় যে, নাটকবোৰ শ্যেক্সপিয়েৰে লেখা নহয়— বিখ্যাত লৰ্ড বেকনেহে শ্যেক্সপিয়েৰৰ নাম দি লেখিছিল। ই যে একেবাৰেই অমূলক, পাঠকসকলক বোধ কৰোঁ কব নেলাগে।

 লণ্ডনৰ ভাৱনাৰ নিমিত্তেই শ্যেক্সপিয়েৰে নাটকবোৰ লেখিছিল। সেই সময়ত শ্যেক্সপিয়েৰে কেতিয়াও ভবা নাছিল যে, এই নাটকবোৰেই তেওঁৰ নাম পৃথিবীত অমৰ কৰিব। অৰ্থৰ নিমিত্তে কৰা কাম ভাল মতে কৰা নহয়, এনে এটা কথা আছে; কিন্তু এই শ্যেক্সপিয়েৰৰ নাটকবোৰ দেখিলে সেই কথা একেবাৰে মিছা বুলি মনত হয়। শ্যেক্সপিয়েৰে এই নাটকবোৰ টকা উপাৰ্জনৰ নিমিত্তেই লেখিছিল— এনেয়ে সাহিত্যপ্ৰণয়ী হৈ লেখা নাছিল।

 শ্যেক্সপিয়েৰৰ শেহ কেটা দিনৰ আৰ্থিক অবস্থা ভাল আছিল।

 ১৬১৬ চনত অৰ্থাৎ ৫২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। শ্যেক্সপিয়েৰৰ দৰে নাম থৈ মৃত্যু হোৱাক মৃত্যু কব নোৱাৰি, অমৃত হে কব লাগে।

 ছাপাখনালৈ পঠোৱাৰ লৰালৰিত দুটা এটা কথা ৰৈ গ’ল, কিন্তু, মূল নাটৰ কোনো ৰকম বিকৃতি ঘটা নাই।

৬নং মালেন্ ষ্ট্ৰীট্,
বালিগঞ্জ, কলিকতা;
২৫ মাৰ্চ, ১৯১২ চন।
শ্ৰীজ্ঞানদাভিৰাম বৰুৱা