পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম দৃশ্য
ভীষ্মৰ শৰ-শয্যা
দুৰ্য্যোধন— কৃষ্ণ ! ক্ষত্ৰিয়ৰ পিতা-পুত্র, ইষ্ট-মিত্র কোনে৷ নাই
বিনাযুদ্ধে বেজীৰ আগত উঠা মাটিৰ সমানে৷ ঠাই এৰি
নিদিওঁ। এই কথা ময় বাৰে বাৰে কৈ আহিছোঁ। যুধিষ্ঠিৰক
কবা কাইলৈ পুৱাতে যুদ্ধ আৰম্ভ হব। ইয়াৰ অন্যথা নহয়।
( লাহে লাহে কৃষ্ণ আৰু অৰ্জুনৰ প্ৰস্থান । অলপ পিচতে
দুই এজন ৰজাৰে৷ প্রস্থান। )
ভীষ্ম – ( স্বগতঃ ) নাৰায়ণ পতিতপাৱন! তোমাৰ মায়া বুজিবৰ
কাৰ শক্তি আছে ?( প্রস্থান )
দুৰ্য্যোধন– ( স্বগতঃ ) বাৰু কৃষ্ণইনো অশ্বত্থামাক কি কলে
সোধা যাওক। ( প্রকাশ্যে ) অশ্বত্থামা ! কৃষ্ণই কাণে
কাণে তোমাক কি সুধিছিল হে ! তুমি দেখোন একো
উত্তৰকে নিদিলা ? কি কৈছিল কোৱাচোন বাৰু।
অশ্বত্থামা— ( স্বগতঃ ) ভগবান, ভাল বিপদত পেলালা ! এতি-
য়ানো কি কওঁ ; ধানত চাউল, পতানত কি...... ?
এই কথাষাৰ সুধিছিল বুলি ক'লেনো পতিয়াব নে ? ভাল
কাম কৰিলা প্রভু !
দুর্য্যোধন – কি, মনে মনে থাকিল৷ যে? কোনো ভয় নাই,
কোৱা তুমি মোৰ সেনাপতি, মোৰে তোমাৰে মন্ত্ৰণাত
ভেদাভেদ নাই।
অশ্বত্থামা— শ্ৰীকৃষ্ণই মোক সুধিছিল——'ধানত চাউল আছে
পতানত কি আছে’? ইয়াকেহে মাত্ৰ সুধিছিল আৰু একো
সোধা নাই । মই তাৰ একে৷ উত্তৰ বিচাৰি নেপালোঁ৷

.