পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
শ্ৰীকৃষ্ণ— আমি যুধিষ্ঠিৰৰ দূত হৈহে ইয়ালৈ আহিছোঁ।
যুধিষ্ঠিৰে কৈছে, পাশ৷ খেলি ৰাজ্য, ধন ঐশ্বৰ্য্য সকলো
নষ্ট হৈ বাৰ বছৰ বনত ফুৰিলো ৷ পাঁচ ভাইৰ
কৰিণে মাত্র পাঁচখন গাওঁ বিচাৰিলোঁ। দুৰ্য্যোধনে কলে,
বিনাযুদ্ধে এখনো গাওঁ দিব নোৱাৰোঁ। কিন্তু এতিয়া
আকৌ কৈছোঁ যে পাঁচ ভাইক মাত্র পাঁচখন গাওঁ
দিয়ক। যুদ্ধ কৰি জ্ঞাতি বধৰ ইচ্ছা নকৰাই শ্রেয়।
যদি তাকে নকৰে আমাৰ গাত দোষ নাই। (অলপ
ইফালে সিফালে চাই অশ্বত্থামাক ওচৰলৈ মাতি আনে। )
তুমি সেনাপতি হৈছা বুলি শুনিছোঁ৷ পঞ্চপাণ্ডৱে তোমাৰ
লগত কি যুজ কৰিব । তোমাৰ আগত এই পৃথিবীৰ
কোনো বীৰ ঠিয় হব নোৱাৰে। দুৰ্য্যোধনে বাছি বাছি
উপযুক্ত জনক এই গুৰু ভাৰ অৰ্পণ কৰিছে। অ’ এটা
কথা ( কাণৰ ওচৰত ফুচফুচাই ) ধানত চাউল আছে
পত৷নত কি আছে ( এই বুলি কৈ ভীষ্মৰ ফালে চাই
কবলৈ ধৰে ) পিতামহ ! আপুনি কুৰুকুলৰ এজন বৃদ্ধ,
দুয়োঘৰকে মিলাব পাৰোঁ বুলি দূত হৈ আপোনাৰ
ওচৰলৈ আহিছোঁ। মোৰ দুয়োঘৰ কুটুম। দুয়োঘৰ
মিলেৰে থাকিলে পৰম সন্তোষ পাম।(পুনৰ অশ্বত্থামাৰ
কাণৰ ওচৰত মুখ দি ) — “ধানত চাউল আছে পতানত
কি আছে” ( ফুটাই ) কোৱ৷ কোনে৷ ভয় নকৰিবা
( অলপ ৰৈ ) বাৰু নোকোৱ৷—আশঙ্কা কৰিছা, থাক৷ ৷