পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
দুৰ্য্যোধন— কৃষ্ণই ইয়াকে কৈছিলনে? মোৰ কেতিয়াও
বিশ্বাস নহয় ৷ ধানত চাউল আছে বুলি সকলোৱে জানে।
সচা কথা কোৱা, কোনো ভয় নাই ।
অশ্বত্থামা— মহাৰাজ, মই মিছা কোৱা নাই, যি কৈছোঁ সচাহে
কৈছোঁ।
কৰ্ণ – বাৰু অ.’ হেৰ বামুণ, নিশ্চয় তই পাণ্ডবৰ কিবা ভেটী
খাইছ। সিহঁতৰ সৈতে মিতিৰালি পাতছ । কি কাণত
নোসোমোৱা কথাবোৰ কবলৈ আহিছ ? তোৰ ভয় নাইনে?
তিল, কুশ, ভোজনীৰ হিচাব জনা মানুহে কি যুদ্ধ-বিগ্ৰহৰ
আওভাও পাবি? তোৰ গতি বেয়া দেখিছোঁ দেই।
দুৰ্য্যোধন – কি চাই আছা, ইয়াক ইয়াৰপৰা বাহিৰ কৰা, মিছলীয়া
ব্রাহ্মণক দেখিব নেপায়। ( অশ্বত্থামা বাহিৰলৈ যায় )
এতিয়া কি কৰ৷ যায় — পিতামহৰ ওৰলৈকে যোৱা যাওক ৷
তেখেতক সেনাপতি কৰাহে ভাল যেন দেখিছোঁ। নহলে
আৰু অইন কোন হ’ব!


দ্বিতীয় দৃশ্য

ভীষ্মৰ কোঠা

ভীষ্ম – দুর্য্যোধনক ইমানকৈ বুজালে৷ তেও সি নুবুজিলে।
মৃত্যু ওচৰ চাপিলে সৎপৰামৰ্শই কি কৰিব। কৌৰৱৰ
বংশত তৰ্পণ দিবলৈকো কোনো নেথাকিব !ফলত সেয়েহে
হব যেন দেখিছোঁ।