পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
চতুর্থ অঙ্ক
ভীষ্মৰ শৰ-শয্যা।
ভীষ্ম— শুনা ধনঞ্জয় ! কাক মাতিব লগা আছে মাতি লোৱা ৷
দেৱতা, অসুৰ, গন্ধৰ্ব্ব, কিন্নৰ কাক মাতা মাতা, কোনেও
ৰক্ষা কৰিব নোৱাৰে। বিশ্বম্ভৰ শ্ৰীকৃষ্ণক বিন্ধিবৰ বাবে এই
শৰ মাৰিলোঁ। (যুদ্ধ)
কৃষ্ণ – কি কৰিছা পার্থ? কি কৰিছ৷ ভীষ্মৰ শৰ কাটা, মোৰ
গোটেই শৰীৰ জৰ্জ্জৰিত কৰিলে !
ভীষ্ম — কত জীৱ ধ্বংসৰ সূচনা 'কৰিছা, সামান্য যন্ত্রণাত কিয়
কাতৰ হৈছা কৃষ্ণ, আকৌ লোৱা ৷

(আকৌ যুদ্ধ )

কৃষ্ণ – কি কৰিছা সখি? মোৰ গোটেই শৰীৰ ক্ষত-বিক্ষত
হৈছে—বাণ কাটা।
অর্জ্জুন— যথাশক্তি চেষ্টা কৰিছো। বাণ কাটিয়ে আছোঁ
কেনেকৈ কৰপৰা আহি তোমাৰ গাত পৰিছেহি বুজিব
পৰা নাই।
ভীষ্ম— নিৰ্দ্দয় ! ওঠৰ অক্ষৌহিনী সেনা বলি দিবলৈ আনিছা ;
অর্জুনক ৰথত তুলি ঘোৰাৰ লেকাম ধৰি হাঁহি মুখে
প্ৰাণী ৱধ কৰাইছা। উপহাৰ লোৱা, ক্ষত্ৰিয়ৰ মৃত্যু-যন্ত্রণা
কি তাক ভোগ কৰাম।

( যুদ্ধ )

কৃষ্ণ – অর্জ্জুন, এদিন তুমি ভীষ্মক বধিম বুলি প্ৰতিজ্ঞা কৰিছিল৷
নহয় ; এতিয়া তুমি কি যুদ্ধ কৰিছা? এই খনেই
নেকি যুদ্ধ ? ইয়ালৈকে মোক ৰথৰ সাৰথি কৰিছিল৷ ?