পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
৩৭
ভীষ্মৰ শৰ-শয্য।
অর্জ্জুন— এই বিশ্বত পিতামহৰ সমান বীৰ নাই বুলি
জানিও প্রতিজ্ঞা কৰিছিলো । তাৰ কাৰণ তুমিহে,
যদি কিবা পণ কৰাইছিল৷ তাৰবাবে তুমিহে অপৰাধী।
কৃষ্ণ— আৰু সহিব নোৱাৰোঁ গোটেই শৰীৰ ক্ষত-বিক্ষত হৈ
গৈছে । চক্র ! সাজু হোৱা, ৰবা ভীষ্মক ময়ে বধ কৰোঁ।
অর্জ্জুন— কি কৰা! কি কৰা সখি ! প্রতিজ্ঞা ভঙ্গ হ’ল ।
কৃষ্ণ — হওক প্রতিজ্ঞা ভঙ্গ। প্রথমে ভীষ্মক নিধন কৰি
এই সূদৰ্শন চক্ৰেৰে কৌৰৱসকলক মাৰি নিষ্কণ্টক কৰিম।

( ভীষ্মৰ প্ৰতি চক্ৰ লৈ আগ বাঢ়ে )

ভীষ্ম- ( ধনু-শৰ পেলাই হাতযোৰ কৰি ) সাৰ্থক জীৱন !
দেৱ দেৱ কমল নয়ন, মাৰা সুদৰ্শন বধ৷ মোক, মোৰ
নৰদেহ আজি ধন্য।
প্রভু, ধর্ম্মক্ষেত্রত চৰণ দি পৃথিবীৰ সন্মান ৰাখিলা ।
অর্জ্জুন— ক্ষান্ত হোৱা সখি ! চক্র সম্বৰণ কৰা। মই প্ৰতিজ্ঞা
কৰিছোঁ আজি ভীষ্ম পিতামহক বধ কৰিম।

( শিখণ্ডীৰ প্ৰৱেশ )

শিখণ্ডী— অপুনি কিয়, মই বধিম ৷
ভীষ্ম— মোৰ জীৱনৰ সকলো কাম শেষ হল ! মই আৰু অস্ত্ৰ
নধৰোঁ—এই ত্যাগ কৰিলো । মোক জয় কৰিবলৈ
ক্লীবৰ আশ্ৰয় লৈছা! এই জীৱনত ৰণক্ষেত্ৰত এয়ে প্রথম
পিঠি দিলো। সৌৱা আইয়ে মোৰ মৃত্যু জানি চকু-
পানী টুকিছে।