পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম দৃশ্য ]
[ ৩৫
ভীষ্মৰ শৰ-শয্য।
কেইবাখনো যুজ হওঁতে দেখিলোঁ, এনে যুজ হ’লে
দেখা নাই। আও দেও বুঢ়াৰ কি কোব চাবা, হাতত
ধেনু ললেই ষোলটকীয়া হয়। আজি পিচে সেনৰ এক-
জাত দেই। কি জানি কি হয় ?
১ম - হব আৰু কি ? বুঢ়াই হেনো শপত খাই কৈছে আজি
পাঁচ পাণ্ডৱৰ মূৰ মাৰিম। কাইলৈ আৰু খালাচ।
২য়— বাৰু দেখিলেহে মানিম ধেলিয়ে কি ল’ৰা পায়।
আজি গধূলিলৈকে কি হয় কব পৰা নাই । মোৰ
মনেৰে ভাল গতি দেখা নাই ৷ বুঢ়াটোলৈ বৰ মৰম লাগে।
১ম— যাওঁ পায়, কোনোবাই ইয়াত পালেবা কি কৰে ?
২য়— এৰা মইও যাওঁ পায়, কথ৷ বৰ বাৰু দেখা নাই।

দ্বিতীয় দৃশ্য

যুদ্ধক্ষেত্র

( যুদ্ধ কৰি কৰি )

ভীষ্ম— ইমান বেলিৰ মূৰত দুয়োজনকে একেঠাইতে লগ
পাইছোঁ। শৰ-পুষ্পহাৰ দি জীৱন ধাৰণৰ সাৰ্থকতা
কৰোঁ। এইয়া আশীৰ্ব্বাদৰ পুষ্প উপহাৰ লোৱা।

(শৰ মাৰে )

অৰ্জ্জুন— ধৰক পিতামহ, ময়ো শ্ৰীচৰণত অঞ্জলি দিছো (শৰ মাৰে)।