পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য ]
২৩
ভীষ্মৰ শৰ-শয্যা।

বলোৰাম—ঠিক কৈছা ধনঞ্জয় । গোবিন্দ, তুমি পিতামহক
মাৰিবৰ চেষ্টা নকৰিবা।

কৃষ্ণ— তুমি ইয়ালৈ কেতিয়া আহিলা?

বলো— মাত্র অলপ সময় হৈছে ।

কৃষ্ণ--তোমাৰ ইয়ালৈ অহাটে৷ ভাল হোৱা নাই ৷

বলো—কিয় ?

কৃষ্ণ – তুমি কোনো ফলীয়া হোৱা নাই। ইয়ালৈ আহিলে
কৌৰবে সন্দেহ কৰিব যে পাণ্ডবৰ ফলীয়া হৈ আহিছে ।

বলো- সিহঁতে মোৰ চৰিত্ৰৰ ওপৰত ইমান সন্দেহ কৰিব
কিয় ?

কৃষ্ণ—কৰিবতো! আমি এতিয়া ভীষ্ম বধৰ পৰামৰ্শ কৰোঁ।

বলো—ভীষ্মই প্রতিজ্ঞা কৰিছে যে দিনে দহ হেজাৰকৈ সৈন্য
বধ কৰি পাণ্ডবক বিনাশ কৰিব ৷ ভীষ্মৰ প্ৰতিজ্ঞা,
কেনেকৈ অজেয় ব্রহ্মচাৰী বীৰক বধ কৰিবা?

কৃষ্ণ—সেই ব্ৰহ্মচাৰী পিতামহ কুৰু-পাণ্ডব উভয় পক্ষৰ
হিতৈষীৰ দেহ নাশৰ ব্যৱস্থা কৰিব লাগিব। পাপীৰ
সংসৰ্গত পৰি তেওঁ মলিন হৈছে ; সোনকালে বধ কৰি
মুক্তি দিব লাগিব। তুমি ইয়াত এক মুহূৰ্ত্তও নেথাকিবা,
যোৱা ।

বলে৷—বাৰু মই যাওঁ। মই দেখিছো সকলো ৰজাৰ
কাল ওচৰ চাপিছেহি ৷ মই এই সংগ্রাম চাব নোৱাৰো।
পাণ্ডবব দৰে কৌৰবধিলাকো মোৰ প্রিয়পাত্র। তুমি