পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

 অৰ্জ্জুনক মৰম কৰি দুৰ্য্যোধনৰ বিপক্ষ হৈছ।। যাওঁ এই
যুদ্ধ শেষ নহয় মানে মই তীর্থ পৰ্য্যটন কৰি ফুৰিম।

অৰ্জ্জুন—কেশব! ক্ষান্ত হোৱা। পিতামহক বধিবৰ কাৰণে মোক
আৰু উদগাই নিদিবা। লোকসমাজত নিন্দনীয় কাম :::কৰিব নোৱাৰো। তেওঁৰ পিতৃতুল্য স্নেহেৰেই ডাঙৰ
হৈছোঁ। তেওঁক বিনাশ নকৰি যদি ভিক্ষা কৰি যাব
লাগে সিও ভাল, তথাপি পিতামহক বধিব নোৱাৰোঁ।

কৃষ্ণ— যুদ্ধৰ আৰম্ভতে তোমাৰ সকলে৷ মোহ দূৰ কৰি দিছিলোঁ ।
এতিয়া আকৌ দুর্ব্বলতা দেখুৱালে কেনেকৈ হব?
দুৰ্ব্বলতা এৰি সাহেৰে বুকু বান্ধি ভীষ্ম বধৰ নিমিত্তে
সাজু হোৱা ।

[ যুধিষ্ঠিৰৰ প্ৰবেশ ]


যুধি—কৃষ্ণ ! ভীষ্ম বধৰ কিবা উপায় আছেনে? কোৱা, যদি
নাই তেন্তে বনলৈ যাওঁগৈ। এইদৰে আৰু নৰহত্যা
দেখি থাকিব নোৱাৰোঁ। অৰ্জ্জুনে মনযোগ দি যুদ্ধ কৰা
নাই। ভীমে অকলে কি কৰিব? কোৱা, বেগতে
কোৱা ভীষ্ম বধৰ কিবা উপায় আছেনে ?

[ শিখণ্ডীৰ প্ৰবেশ ]


শিখণ্ডী—উপায় মই আছোঁৱেই। মোৰ বাহিৰে কোনেও ভীষ্মক
বধ কৰিব নোৱাৰে। বাসুদেৱ ! আপুনি মোক আদেশ
দিয়ক।

কৃষ্ণ——অলপ অপেক্ষা কৰা শিখণ্ডী ৷