পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

দুৰ্য্যো—পিতামহ, ইয়াতকৈ আৰু কি লাগিছে ? আপুনি
আমাৰ সকলে৷ দোষ ক্ষমা কৰিব । যুদ্ধ আৰম্ভ কৰক।

——



৩য় দৃশ্য


শিবিৰ


[ অর্জুন, শ্রীকৃষ্ণ, বলোভদ্র, শিখণ্ডী আৰু যুধিষ্টিৰ ]


অৰ্জ্জুন—কি হ'ল বাসুদেৱ ! প্ৰতিজ্ঞা কৰিছিলোঁ যে পিতামহক
আজি এক মুহূৰ্ত্তলৈকে৷ অৱসৰ নিদিম আৰু কোনো-
মতেই সৈন্য সংহাৰ কৰিবলৈ নিদিম কিন্তু দুইহাতে বাণ
চলায়ো তাক নিবৃত্তি কৰিব নোৱাৰিলোঁ।

কৃষ্ণ——পিতামহ যুদ্ধত ক্লান্ত হোৱা নাছিল, তুমি হৈছিলা ৷
তুমি যেতিয়া কপালৰ ঘাম মচিছিলা সেই মুহূৰ্ত্ততে
তেওঁ দহ হেজাৰ সৈন্য বধ কৰিলে ৷

অর্জুন—এই কথা শুনি মোৰ অস্ত্ৰক্ষত শৰীৰতো আনন্দ হৈছে ৷
ম‍ই ভাগ্যৰ বলতহে এনে যোদ্ধাৰ লগত যুজিবলৈ
পাইছোঁ। যি বীৰে কপালৰ ঘাম মচোতে যিমান সময়
লাগে সিমান কম সময়ৰ ভিতৰত দহ হেজাৰ সৈন্য বধ
কৰিব পাৰে, এই পৃথিবীক এনে অমূল্য ৰত্ন বীৰৰ পৰা
বঞ্চিত কৰিব নোৱাৰোঁ। মোক ৰাজ্য নেলাগে, ঐশ্বৰ্য্য
বিভূতি একো নেলাগে, তুমি পিতামহক ৰক্ষা কৰা।