বীৰ সকলৰ মাজত অনেক ৰথী আছে। দুৰ্য্যোধন ৰথী,
দুঃশাসন ৰথী, আনকি শিখণ্ডীৰ গাতো ৰথীৰ লক্ষণ<
আছিল। কৰ্ণ, তোমাৰ গাত সেইটো নাই। কৱচ-কুণ্ডলৰ
হীন প্ৰতাৰণা কৰি ধনুৰ্ব্বাণ শিক্ষা পোৱ৷ দাম্ভিক
অঙ্গৰাজ তুমি। অৰ্দ্ধ ৰথীয়ে ৫ দিনত পাণ্ডবকুল ধ্বংস
কৰিবা ! অৰ্জ্জুনৰ শৰৰ মুখত পাঁচ দণ্ড তিষ্ঠিবলৈ শক্তি
আছেনে ?
কর্ণ–তেন্তে শুনা কুৰুৰাজ ৷ এই আত্মশ্লাঘাকাৰী পৰশুৰামৰ
কৃপাত পৰশুৰাম বিজয়ী বুঢ়া যিমান দিন জীয়াই থাকে
সিমান দিন মই এই যুদ্ধত অস্ত্ৰ নধৰো। বুঢ়া মৰিলে
তোমাৰ ফলীয়া হৈ যুদ্ধ কৰি পাণ্ডবক বধ কৰিম ৷
( প্রস্থান )
দুৰ্য্যো—পিতামহ, কি কৰিলে ? মোৰ পৰম হিতৈষী অঙ্গৰাজ
কৰ্ণৰ সহায়ৰপৰা মোক বঞ্চিত কৰিলে !
ভীষ্ম—সি তোমাৰ হিতৈষী? মুখৰ, কাৰ্য্যৰ নহয়৷ নুশুনিলা
নে সি সত্যবাদীয়ে মৃত্যু ঘোষণা কৰি গ'ল ৷ যোৱা,
এই সঙ্কল্প কৰি অস্ত্ৰ ধৰিছোঁ, যেতিয়ালৈকে অস্ত্ৰ ধৰিবলৈ
গাত শক্তি থাকিব তেতিয়ালৈকে অস্ত্র পৰিত্যাগ নকৰোঁ ৷
দিনে দহ হেজাৰকৈ সৈন্য মাৰিম। এক মুহূৰ্ত্তলৈকো যুদ্ধত
কৃপণতা নকৰোঁ। যদি পাণ্ডবক সংহাৰ কৰিবৰ মোৰ
শক্তি আছে তেন্তে সিহঁতক সংহাৰ কৰিবলৈ ইতঃস্ততঃ
নকৰোঁ ।