পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০ ]
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

কর্ণ—উহ ! ভাল যুদ্ধ কৰিব । ১১ অক্ষৌহিনী সেনাৰ ৭
 অক্ষৌহিনী বধিবলৈ এমাহ লাগে ! ৰাম বিজয়ীয়ে এনে
 গৰ্ব্ব নকৰাই ভাল আছিল। মহাৰাজ ! মই হলে
 পাঁচ দিনত পাৰিম।

ভীষ্ম—কর্ণ! তুমি মিছা অহঙ্কাৰ কৰিছা। তুমি অৰ্জ্জুনক

 কেতিয়াও শ্ৰীকৃষ্ণৰে সৈতে একে ৰথতে দেখা নাই। সেই
 গুণে লৰাৰ নিচিনা বুদ্ধিহীন কথা কৈছা । এবাৰ দেখা
 হেতেন তেনে কথা কব নোৱাৰা ।

কর্ণ—সেইটো আপুনি অকলে এমাহ চাওক।

ভীষ্ম—অকল অর্জুনৰ বীৰত্বৰ কথা পাহৰিলা নে ? গন্ধৰ্ব্বৰ
 লগত যেতিয়া যুদ্ধ হৈছিল তেতিয়া তুমি ক’ত আছিলা?
 বিৰাট যুদ্ধত যেতিয়া অৰ্জ্জুনে নিদ্রাবাণ মাৰি বস্ত্ৰ হৰণ
 কৰি নিছিল তেতিয়া তুমি ক’ত শুই আছিল৷ ?

কৰ্ণ —তিৰস্কাৰ শুনিবলৈ অহা নাই। দুর্যোধনৰ মঙ্গলাকাঙ্ক্ষী
 হৈহে আহিছো। আপুনি যদি পাওঁবক বধ কৰিবলৈ
 বেয়৷ পায় তেন্তে ভালে ভালেই সেনাপতি পদৰপৰা
 অৱসৰ লওক।

ভীষ্ম—সেনাপতি কোন হ’ব? তুমি !

কর্ণ—হয়, ময়ে হম!

ভীষ্ম – তুমি তেন্তে অলপ অপ্রিয় কথা শুনা। দ্রোণাচার্যা
 অতি বীৰ ৷ কৌৰৱৰ ফালে মোৰ বাহিৰে তেওঁৰ লগত
 যুদ্ধ কৰোঁতা কোনো নাই। তেওঁৰ বাহিৰে আমাৰ