পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম দৃশ্য ]
১৫
ভীষ্মৰ শৰ-শয্য।

 আগত যুদ্ধ কৰিবলৈ নিষেধ কৰিছিলো, নেমানিলে।
আৰু সন্ধি হব নোৱাৰে ৷ পাণ্ডব কুল নিৰ্ম্মূল
কৰিহে এৰিম ৷

শকু–তেনেহলে বলা দুৰ্য্যোধনক আগেয়েই সাৱধান কৰি দিওঁগৈ ।

কৰ্ণ—হয় ব’লা, তেজৰ নৈ নোবোৱাকৈ এই বিবাদ মীমাংসা
হবলৈ নিদিওঁ । এ চোৱাছোন আটাইবিলাক দেখোন
ভীষ্মৰ শিবিৰৰ ফালেহে গৈছে।

দুঃশা—যলৈকে যায় যাওক সন্ধি কৰিবলৈ নিদিবা। দুৰাত্মা
ভীমে মোৰ বুকু চিৰি তেজ পিব খুজিছিল। ককাইৰ
আঠু ভাঙ্গিম বুলি বিভীষিকা দেখুৱাইছিল। ইয়াক মাৰিব
নোৱাৰিলে মোৰ খং মাৰ নেযায় ।

কৰ্ণ—কাৰে৷ নেযায়। মই যেতিয়ালৈকে অর্জুনক বধ কৰিব
নোৱাৰে৷ তেতিয়ালৈকে মোৰ ভালকৈ টোপনি নাহে।
যুদ্ধ, যুদ্ধ, পাণ্ডবৰ তেজেৰে নৈ বে৷ৱাব লাগিব।

শকু – ভীষ্মক কোনোমতেই বিশ্বাস কৰিব নোৱাৰি৷ তেওঁ
আমাতকৈ পাণ্ডবক বেচি ভাল পায় ৷ তেওঁ বৰ অনিচ্ছাৰেহে
আমাৰ ফলীয়া হৈ যুদ্ধ কবিবলৈ ওলাইছে। ব’লা আমি
আগেয়েই সৈন্যৰ মাজত ৰণ ঘোষণা কৰি সাজু হবলৈ
কওঁগৈ। [ স্বগতঃ ] পিতৃদেৱ ইমান দূৰ হৈ গৈছে।
বাকীখিনি যাতে সোনকালে কৰাব পাৰে৷ তাৰ বাবে
শক্তি দিয়া । তোমালোকৰ ঋণ কেনেকৈ পৰিশোধ
কৰোঁ। দিনে ৰাতিয়ে তাকেই চিন্তি আছোঁ। কৌৰবৰ