পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬ ]
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

ধ্বংস দেখি যেন মৰিব পাৰোঁ ৷ ইয়াকে আশীর্ব্বাদ দিয়া
পিতৃদেৱ !

দ্বিতীয় দৃশ্য


শিবিৰ


( পঞ্চপাণ্ডব, ভীষ্ম আৰু শ্রীকৃষ্ণ )



যুধি—পিতামহ, আমি আপোনাক যুদ্ধলৈ আহবান কৰিবলৈ
আহিছোঁ। আপুনি অনুমতি দিয়ক আৰু আশীৰ্ব্বাদ
কৰক ৷

ভীষ্ম –বাচা ! তুমি নহা’লে মই বৰ বেজাৰ পালোঁহেতেন
তুমি অহাত বৰ সন্তোষ পাইছোঁ তোমাক কি বৰ
লাগে লোৱা । আৰু মোৰ এটা কথা শুনা। মই
দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ কৰিম বুলি প্ৰতিজ্ঞা-পাশত ::আবদ্ধ আছোঁ। তোমালোকৰ ফলীয়া হৈ কেতিয়াও
যুদ্ধ কৰিব নোৱাৰোঁ। অইন কি বৰ লাগে লোৱাঁ।

যুধি – আপুনি কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰক, আমাৰ হিতা-
কাঙ্খী হৈ সৎ পৰামৰ্শ দিয়ক যেন ——ইয়াকে প্রার্থনা
জনাইছোঁ।

ভীষ্ম – সেয়ে হব।

যুধি—আপুনি অজেয়, আপোনাক কেনেকৈ যুদ্ধত নিৰস্ত্ৰ কৰিব
পাৰি ? আপুনি নিমিষতে আমাৰ সৈন্য ধুমুহাৰ দৰে ::উৰাই দিব।