পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্য।

কৃষ্ণ –হাক নিদিবা, যাওক মহাৰাজক নিব্বিঘ্নে যাবলৈ ::দিয়া

ভীম –কি কৈছা কৃষ্ণ?

কৃষ্ণ – ঠিক কৈছোঁ। হাক নিদিবা।

অর্জ্জুন – এটা কথা শুনিবৰে৷ আমাৰ অধিকাৰ নাইনে?

কৃষ্ণ—নাঁই, থকা হলে কলোহেতেন।

ভীম—যোৱ৷ তেনে কলৈ যোৱা, সৌৱা দুঃশাসনহঁতে হাঁহি

হাঁহি আহিছে ।

কৃষ্ণ—আহক ।

ভীম – সিহঁতে এতিয়া বিদ্রূপ কৰিব নহয় ?

কৃষ্ণ-কৰক ৷

ভীম—মই ইয়াৰ পৰা যাওঁ৷

কৃষ্ণ—নোৱাৰা যাব, আটাই কেইজন মহাৰাজৰ লগত যাব

লাগিব ।

( প্রস্থান )

( দুঃশাসন আদিৰ প্ৰৱেশ )

শকু –বাঃ এওঁ ধৰ্ম্মৰাজ বাঃ।

কর্ণ—অদ্ভুত বীৰত্ব দেখুৱাইছা ধনঞ্জয়।

দুঃশা —কিহে ভীমসেন! বুকু চিৰি তেজ পিব খুজিছিলা নহয় !

অকল পাঁচ জনেই দেখোন ? দ্রৌপদীকো আনিব লাগিছিল ৷

কর্ণ—মোমাই ! এতিয়৷ কি কৰা উচিত ?

দুঃশা – ককাদেউক কওঁগৈ যেন কোনোমতেই সন্ধি নকৰে।

কর্ণ --সন্ধি প্রাণ গলেও হব নোৱাৰে ৷ মই প্ৰথমতে দুতৰ