পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাত বেচ নোলোৱাকৈ আহাৰপানী যোগোৱাৰ বন্দৱস্ত আছিল। ইছলাম ছাহ চুৰঃ—ছেৰ ছাহৰ পিছত ইছলাম ছাহ সিংহাসনত বহে তেওঁ মৃত্যুৰ পিছত ভতিজাক মহম্মদ আদিল ছাহে ১৫৫৪–১৫৫৫ লৈকে ৰাজত্ব কৰিছিল। তেওঁ ব্যভিচাৰী আছিল। ৰাজ্যভাৰ হিমু নামে এজন হিন্দু কৰ্ম্মচাৰীৰ হাতত গটাই তেওঁ আমোদ-প্রমোদত কাল কটাইছিল । 4. হুমায়ুনৰ পুনৰাগমন ঃ—হুমায়ুনে পোনতে কাবুল আৰু কান্দাহাৰ ভায়েক কামৰাণৰপৰা নিজ হাতলৈ আনে। তেওঁ ভাৰতবৰ্ষত সোমাই চিৰহিন্দ যুদ্ধত ১৫৫৫ খৃষ্টাব্দত চুৰ-বংশৰ শেষ ৰজা ছিকন্দ্ৰৰ চুৰক পৰাস্ত কৰি দিল্লী আৰু আগ্রা দখল কৰিলে৷ হুমায়ুনে কেইবা বছৰৰ মূৰত নিজৰ হেৰোৱা ৰাজ্য পুনৰুদ্ধাৰ কৰে৷ দিল্লীৰ সিংহাসনত বহা ৬ মাহৰ পিছতে এদিন পঢ়াকোঠাৰ খটখটিৰ পৰা পৰি তেওঁৰ মৃত্যু হয়। WARNIN আকবৰ (১৫৫৬-১৬০৫ খৃঃ লৈ ) পানীপথৰ ২য় যুদ্ধ :—হুমায়ুনৰ পিছত ১৪ বছৰ বয়সত আকবৰ ৰজা হয় ৷ আকবৰ আৰু তেওঁৰ বিশ্বাসী অভিভাবক আৰু আত্মীয় বেইৰাম খাঁ পঞ্জাৱৰ যুদ্ধত লিপ্ত থাকোঁতে হিমুৱে পাঠান ৰাজ্য পুনৰুদ্ধাৰৰ আশাত আগ্ৰা আৰু দিল্লী আক্রমণ কৰিলে ৷ ১৫৫৬ খৃঃত বিখ্যাত পানীপথৰ দ্বিতীয় যুদ্ধত হিমু সম্পূৰ্ণৰূপে পৰাস্ত হল।