পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4 ভাৰত বুৰঞ্জী বেইবাম :—বেইৰাম লৰাৰজা আকবৰৰ শিক্ষক আৰু অভিভাবক আছিল। প্রথমতে তেওঁ আকবৰৰ হিতকেহে চিন্তিছিল; কিন্তু শেষলৈ তেওঁৰ আচৰণ বেয়া হৈ অহাত আকবৰে ৰাজ্য শাসনৰ ভাৰ নিজ হাতলৈ আনিলে। আকবৰ । আকবৰে বেইৰামক মক্কালৈ যাবলৈ আদেশ দিলে। তেওঁ মক্কালৈ যাওতে বাটতে এজন আফগানৰ হাতত প্ৰাণ দিব লগা হয়। আকবৰৰ ৰাজ্য বিস্তাৰ :— আকবৰেই ভাৰতত মোগল সাম্ৰাজ্যৰ আচল প্রতিষ্ঠাতা। পানীপথৰ যুদ্ধৰ পাঁচ বছৰৰ ভিতৰতে পশ্চিমে পঞ্জাৱৰ পৰা পূবে এলাহাবাদ আৰু দক্ষিণে আজমীৰ আৰু গোৱালিয়ৰ আদি ৰাজ্য আকবৰৰ তললৈ