সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
ভাৰত বুৰঞ্জী


 বেইৰাম :—বেইৰাম লৰাৰজা আকবৰৰ শিক্ষক আৰু অভিভাবক আছিল। প্ৰথমতে তেওঁ আকবৰৰ হিতকেহে চিন্তিছিল; কিন্তু শেষলৈ তেওঁৰ আচৰণ বেয়া হৈ অহাত আকবৰে ৰাজ্য শাসনৰ ভাৰ নিজ হাতলৈ আনিলে।

আকবৰ।

 আকবৰে বেইৰামক মক্কালৈ যাবলৈ আদেশ দিলে। তেওঁ মক্কালৈ যাওতে বাটতে এজন আফগানৰ হাতত প্ৰাণ দিব লগা হয়।

 আকবৰৰ ৰাজ্য বিস্তাৰ :— আকবৰেই ভাৰতত মোগল সাম্ৰাজ্যৰ আচল প্ৰতিষ্ঠাতা। পানীপথৰ যুদ্ধৰ পাঁচ বছৰৰ ভিতৰতে পশ্চিমে পঞ্জাৱৰ পৰা পূবে এলাহাবাদ আৰু দক্ষিণে আজমীৰ আৰু গোৱালিয়ৰ আদি ৰাজ্য আকবৰৰ তললৈ