পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ৰাজ্য বিস্তাৰ :—ৰজা হৈ ছেৰ ছাহে মালৱ জয় কৰে। তাৰ পিছত ক্রমান্বয়ে গোৱালিয়ৰ, ৰন্থাম্বৰ, ৰাইচিন, চিতোৰ আদি দুৰ্গ জয় কৰে। ১৫৪৫ খৃঃত তেওঁ কালিঞ্জৰ দুৰ্গ আক্রমণ কৰোঁতে খাৰ-বাৰুদত জুই লাগি তেওঁক পুৰিলে আৰু সেই আঘাততে তেওঁৰ মৃত্যু হল। চৰিত্ৰঃ—তেওঁ বৰ সাহসী, বলী, চতুৰ আৰু প্ৰজাৰঞ্জক ৰজা আছিল। তেওঁ কষ্টসহিষ্ণু, দূৰদৰ্শী আৰু উন্নতি-প্ৰয়াসী আছিল ৷ শাসন ঃ—ছেৰ ছাহ ৰজা হৈয়েই ভালকৈ ৰাজ্য শাসন কৰিবলৈ লাগিল। তেওঁ মাত্র পাঁচ বছৰ ৰাজত্ব কৰিছিল আৰু এই পাঁচ বছৰৰ ভিতৰত বেছি সময় যুদ্ধ-বিগ্ৰহত লিপ্ত আছিল। তথাপি অলপ সময়ৰ ভিতৰতে শাসনৰ ভাল ব্যবস্থ৷ কৰিছিল৷ ছেৰ ছাহে সাম্ৰাজ্যখন ৪৭টা ভাগত ভগাইছিল। প্রতি ভাগ কেইবাটাও পৰগণাৰ সমষ্টি আছিল । প্রত্যেক পৰগণাত একোজন কৈ চিকদাৰ, আমিন আৰু মুঞ্চিফ আছিল। তেওঁ কবুলিয়ত আৰু পট্টাৰ নিয়ম কৰি মাটিৰ সীম৷ আৰু খাজনাৰ নিৰিখ ঠিক কৰি দিছিল৷ তেওঁ মুদ্রা সংস্কাৰ কৰিছিল আৰু ঘোৰাৰ ডাক- চলাইছিল ৷ তেওঁ বঙ্গৰ পৰা পঞ্জাৱলৈকে এটা সুন্দৰ আলি কৰায় ৷ তেওঁ বঙ্গদেশৰ পৰ৷ উত্তৰ পশ্চিম-সীমান্ত অঞ্চললৈকে অর্থাৎ সিদ্ধ নৈলৈকে প্ৰতি ডেৰ মাইলৰ আঁতৰে আঁতৰে নাদ খনাই দিছিল। আলিৰ দুই কাষে ছাঁ দিবৰ কাৰণে আৰু ভাগৰুৱা মানুহে ফল খাবৰ কাৰণে ফলৰ গছ ৰোৱাই দিছিল। আলহী থাকিবৰ কাৰণে আলহী-ঘৰ কৰাইছিল।