পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হুমায়ুন আৰু ছেৰ ছাহ --- আকবৰৰ জন্ম :—হুমায়ুনে ভাৰতবৰ্ষ এৰি পলাই যাওঁতে অমৰকোট নগৰত ১৫৪২ খৃঃত আকবৰৰ জন্ম হয়। পানী- কেচুৱা আকবৰক কান্দাহাৰত দদায়েকৰ তত্ত্বাৱধানত ৰাখি হুমায়ুনে পাৰস্য ৰজাৰ আশ্ৰয় লয়গৈ। সূৰ বা চুৰ বংশ (১৫৪০–১৫৫৫)। ছেৰ ছাহ (১৫৪০–১৫৪৫)। ছেৰ ছাহ । ছেৰ ছাহে ১৫৪০ খৃঃত হুমায়ুনক কনৌজত পৰাস্ত কৰি দিল্লীৰ ধ্বংস হব খোজ৷ পাঠান ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰে ৷