পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ঘূৰাই পায়। বাহাৰ খাঁৰ মৃত্যুৰ পিছত জালাল খাঁ নাবালক থকা কাৰণে ছেৰ খাঁই তেওঁৰ অভিভাবক হিচাবে বিহাৰৰ আচল শাসনকৰ্ত্তা হৈ পৰিল ৷ অলপ কালৰ ভিতৰতে ছেৰ খাই চুনাৰ দুৰ্গ অধিকাৰ কৰিলে। হুমায়ুনে চুনাৰ আক্ৰমণ কৰিলত ছেৰ খাঁই হুমায়ুনৰ বশ্যতা স্বীকাৰ কৰিলে। বঙ্গদেশৰ ৰজাৰ দুৰ্বৰ্বলতাৰ সুবিধা লৈ ছেৰ খাঁই তেওঁৰ ৰাজ্য আক্রমণ কৰে। ইপিনে হুমায়ুনেও সসৈন্যে চুনাৰ অৱৰোধ কৰিলেহি। হুমায়ুনে চুনাৰ লোৱাৰ আগতেই ছেৰ খাঁই বঙ্গৰ ৰাজধানী গৌড় অধিকাৰ কৰে (১৫৩৮ খৃঃত)। তাৰ পিছত হুমায়ুনে বঙ্গৰ পিনে আগুৱাই অহাত ছেৰ খাঁই পশ্চিমৰ ফালে যাত্ৰা কৰি গৈ বিহাৰৰ মোগল অধিকৃত অঞ্চল আক্রমণ কৰি কনৌজ পালেগৈ 1 হুমায়ুনে বিনা বাধাই গৌড় অধিকাৰ কৰি ৰাজধানীলৈ উলটিবৰ মন কৰিলে; কিন্তু ছেৰ খাঁই বাটতে হুমায়ুনক বাধা দিলে। ১৫৩৯ খৃ:ত বক্সাৰৰ ওচৰত চৌচা নামৰ ঠাইত ছেৰ খাঁই হুমায়ুনক পৰাজিত কৰে। চৌচাৰ যুদ্ধৰ পিছতে ছেৰ খাই “ছেৰ ছাহ” নাম লৈ নিজক ৰজা বুলি ঘোষণা কৰে ৷ ১৫৪০ খৃঃত ছেৰ ছাহে হুমায়ুনক পুনৰ কনৌজ বা বিলগ্ৰামৰ যুদ্ধত L হৰুৱায়। হুমায়ুনৰ পলায়নঃ—কনৌজৰ যুদ্ধত হাৰি হুমায়ুন ভায়েক কামৰাণৰ আশ্ৰয় লবলৈ যায়; কিন্তু ছেৰ ছাহৰ ভয়ত কামৰাণে তেওঁক আশ্রয় দিব নোৱাৰিলে। কামৰাণে ছেৰ ছাহক পঞ্জাৱ এৰি দি কাবুললৈ পলাই যায়। হুমায়ুন আশ্রয় বিহীন হৈ সিন্ধু দেশত সহায় বিচাৰি অনাইবনাই ফুৰিছিল ৷